ৰে’লত উঠালৈকে সম্পূৰ্ণ সুস্থ আছিল। কিন্তু ৰে’লখন চলাৰ লগে লগে সকলো সলনি হৈ গ’ল। চলন্ত ৰে’লত হঠাৎ অসুস্থ হৈ পৰে এগৰাকী মহিলা। সকলোৱে তেওঁৰ খবৰ লোৱাত ব্যস্ত হৈ থকাৰ সময়তে আন এজন বয়স্ক লোক অসুস্থ হৈ পৰিল। এজন এজনকৈ প্ৰায় দহজন যাত্ৰী অসুস্থ হৈ পৰিল।
আৰ পি এফ আৰু ৰে’লৱেৰ বিষয়াসকল সহায় কৰিবলৈ আহিল যদিও বহু দেৰি হৈছিল। ৰে’লৰ ভিতৰতেই দুজন যাত্ৰীৰ মৃত্যু হ’ল। আন কমেও ছয়জন অসুস্থ। ৰে’লখনত থকা যাত্ৰীসকলৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি আগ্ৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে।
লগতে পঢ়ক: নিজ গুণেৰে উজলিল ঋতুৰাজ-ৰিংকু; আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টী-২০ জয়েৰে ছিৰিজ দখল ভাৰতৰ
জানিব পৰা মতে, দেওবাৰে পাটনা-কোটা এক্সপ্ৰেছত সংঘটিত হয় এই ঘটনা। ৰে’লৱেৰ বিষয়াসকলক জনোৱা হয় যে ৰে’লত দুজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো অসুস্থ। ইয়াৰ পিছতে অসুস্থ যাত্ৰীসকলক আগ্ৰা ষ্টেচনত ততাতয়াকৈ নমাই ৰে’লৱে হস্পিতাললৈ লৈ যোৱা হয়।
কিন্তু কিদৰে যাত্ৰীসকল অসুস্থ হৈ পৰিল আৰু দুজনৰ মৃত্যু হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
ৰে’লৱেৰ সূত্ৰৰ পৰা জানিব পৰা মতে, অসুস্থ আৰু মৃত যাত্ৰীকেইজন একেলগে যাত্ৰা কৰিছিল। ছত্তীশগড়ৰ ৰায়পুৰৰ পৰা ৯০ জনীয়া এটা দলে পাটনা-কোটা এক্সপ্ৰেছৰ এ চি কম্পাৰ্টমেণ্টত যাত্ৰা কৰিছিল। হঠাৎ ৰে’লৱেৰ হেল্পলাইন নম্বৰত ফোন আহিল। ৰে’লৰ এচি ৰুমত একাংশ যাত্ৰী অসুস্থ হৈ পৰা বুলি জানিব পৰা গ’ল।
লগতে পঢ়ক: দীৰ্ঘজীৱন লাভৰ বাবে কেইটামান কিটিপ, এতিয়াই পঢ়ি লওঁক
ৰে’লখন আগ্ৰা কেণ্টনমেণ্ট ষ্টেচন পাওঁতে চিকিৎসক আহে। এগৰাকী ৬২ বছৰীয়া মহিলা আৰু এজন ৬৫ বছৰীয়া পুৰুষক চিকিৎসকে মৃত ঘোষণা কৰে। বাকী অসুস্থ যাত্ৰীসকলৰ ভিতৰত ৫জনক ৰে’লৱে হাস্পতালত ভৰ্তি কৰা হৈছে, এজনক এছ এন মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।
প্ৰাথমিক তদন্তৰ পৰা যাত্ৰী দুজনৰ ফুড পইজনিং বা ডিহাইড্ৰেচনৰ ফলত মৃত্যু হোৱা বুলি যদিও প্ৰকাশ পাইছে, তথাপিও মৃত্যুৰ সঠিক কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব বুলি উত্তৰ কেন্দ্ৰীয় ৰে’লৱেৰ আগ্ৰা সংমণ্ডলৰ জনসংযোগ বিষয়া প্ৰশস্তি শ্ৰীবাস্তৱে জানিবলৈ দিয়ে।
লগতে পঢ়ক: ফুটপাথত পাচলি কিনি ইউপিআইত ধন পৰিশোধ কৰি ভাৰতৰ ডিজিটেল অৰ্থনীতি ব্যৱস্থাত আপ্লুত জাৰ্মান মন্ত্ৰী
জানিব পৰা মতে, সেই পথত দুষ্কৃতিকাৰীৰ এটা দলে খাদ্য, বিশেষকৈ মিঠাইত বিষ মিহলাই যাত্ৰীসকলক লুটপাত কৰে। এই ঘটনাৰ আঁৰত ‘জেহেৰ খুৰানি’ নামৰ গেংটো আছে নেকি তাৰো তদন্ত অব্যাহত আছে।