• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিজ গুণেৰে উজলিল ঋতুৰাজ-ৰিংকু; আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টী-২০ জয়েৰে ছিৰিজ দখল ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2023 8:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আয়াৰলেণ্ডৰ বিৰুদ্ধে একেৰাহে দ্বিতীয়টো জয়। ভাৰতৰ হাতলৈ টী-২০ ছিৰিজ। এখন মেচ বাকী থকা অৱস্থাত বুমৰাহৰ দলটোৱে ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰি ছিৰিজ জয় নিশ্চিত কৰে। দেওবাৰে ডাবলিনত টীম ইণ্ডিয়াই ৩৩ ৰানত জয়লাভ কৰে। প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত অভাৰত ৫টা উইকেট দখল হেৰুৱাই ১৮৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ২০ অভাৰৰ শেষত ৮টা উইকেট হেৰুৱাই ১৫২ ৰানত সমাপ্ত হৈ যায় আইৰিছ ইনিংছ।

আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ এশ শতাংশ জয়ৰ অভিলেখ এতিয়াও অব্যাহত আছে। দেওবাৰে শৃংখলা জয় কৰাৰ বাবে মেচত মজবুত বেটিং আছিল মূল লক্ষ্য। সেই ক্ষেত্ৰত ভাৰত সফল হৈছে। ৰান পালে ঋতুৰাজ গাইকোৱাড, সঞ্জু চেমচন, ৰিংকু সিং-য়ে। এছিয়া কাপৰ দল নিৰ্বাচনৰ পূৰ্বে নিজকে প্ৰমাণ কৰাৰ লক্ষ্যৰে নামিছিল তিলক বাৰ্মা, সঞ্জু চেমচন। প্ৰথমজন বিফল হ’ল। মাত্ৰ ১ ৰানতে উভতি আহিল। সঞ্জুৱে অৱশ্যে ৰান পায়।

Apply Now

আয়াৰলেণ্ডে টছত জয়লাভ কৰি ভাৰতক বেটিং কৰিবলৈ ফিল্ডলৈ প্ৰেৰণ কৰে। এইটোৱে টীম ইণ্ডিয়াৰ বাবে সুবিধা কৰি দিলে। ভাৰতীয় দলৰ টীম মেনেজমেণ্টে যি বিচাৰিছিল, সেই বেটিং অনুশীলনৰ সুযোগ পালে। অৱশ্যে যশস্বীয়ে ৰান নাপালে। ১৮ ৰাণত আউট হয়। ব্যৰ্থ তিলক বাৰ্মাও। দ্বিতীয়টো বলতে পেভলিয়ন লৈ উভতিল।

৩৪ ৰানত ২ উইকেট হেৰুৱায় ভাৰতে। তাৰ পিছত ঋতুৰাজ আৰু সঞ্জুৱে দলটোক আগবঢ়ায় নিয়ে। ভাৰতৰ অ’পেনাৰগৰাকীয়ে ১টা ছয় আৰু ৬ টা চাৰিৰ সহায়ত ৪৩টা বলত ৫৮ ৰান সংগ্ৰহ কৰে। ভাল বেটিং কৰাৰ পিছতো সঞ্জুৱে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰিব নোৱাৰিলে। ২৬টা বলত ৪০ ৰান সংগ্ৰহ কৰি আউট হয় চেমচন।

পাঁচ নম্বৰত বেটিং কৰিবল নামি উজলিল ৰিংকু সিং। বৰষুণৰ বাবে তেওঁ অভিষেক মেচত বেটিং কৰাৰ সুযোগ নাপালে। কিন্তু দেওবাৰৰ দিনটোত আৰম্ভণিৰে পৰাই আছিল আক্ৰমণাত্মক। ২১টা বলত ৩৮ ৰান সংগ্ৰহ কৰি উভতি আহে ৰিংকু। ইনিংছটোত আছিল ৩টা ছয় আৰু ২টা চাৰি। তেওঁৰ ষ্ট্ৰাইক ৰেটও সৰ্বাধিক। শেষত শিৱম ডুবে দুটা ছয়ৰ সহায়ত গুৰুত্বপূৰ্ণ ২২ ৰান সংযোজন কৰে। ৫টা উইকেট হেৰুৱাই ১৮৫ ৰাণেৰে ইনিংছ শেষ কৰে ভাৰতে।

আইৰিছ দলটোৱে ৰান অনুসৰণ কৰাৰ আৰম্ভণিতে বেটিং দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয়। কেৱল এণ্ডি বালবিৰ্ণীয়েহে ভাৰতীয় বলাৰক প্ৰহাৰ কৰে। মেচখনত হাৰিলেও এণ্ডিৰ ইনিংছটোৱে সকলোৰে দৃষ্টি কাঢ়ে। আয়াৰলেণ্ডৰ অ’পেনাৰজনে ৫১টা বলত ৭২ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছত আছিল ৪টা ছয় আৰু ৫টা চাৰি।

বাকী বেটাৰবোৰ বিফল হয়। শেষত মাৰ্ক আডায়াৰে ১৫টা বলত ২৩ ৰান সংগ্ৰহ কৰে। নিৰ্ধাৰিত অভাৰত ৮টা উইকেট হেৰুৱাই ১৫২ ৰাণত ইনিংছ সমাপ্ত হয় আয়াৰলেণ্ডৰ। প্ৰত্যাৱৰ্তনৰ দিনটোত বুমৰাহে দুটা উইকেট দখল কৰিছিল। দেওবাৰেও সফল ভাৰতৰ অধিনায়ক।পালে ২ টা উইকেট। সেইদৰে, প্ৰসিদ্ধ কৃষ্ণ, ৰবি বিষ্ণোইও দুটাকৈ উইকেট দখল কৰে। বুধবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ তৃতীয় আৰু অন্তিম টী-২০। যদিও সেইখন মাত্ৰ নিয়মৰক্ষাৰ মেচহে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd