NORTHEAST NOW (Assamese)

চতিয়াত গৰু ভৰ্তি ট্ৰাক জব্দ: উদ্ধাৰ ২১ টা গৰু, দুজনক আটক

April 23, 2022 5:44 pm · এন ই নাও নিউজ, গুৱাহাটী

বিশ্বনাথৰ চতিয়াত আজি ২১ টা গৰু ভৰ্তি এখন ট্ৰাক জব্দ কৰিছে আৰক্ষীয়ে।

এজন আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এক গোপন সূত্ৰৰ ভিত্তিত তেওঁলোকে চতিয়া পুৰণি কেন্দ্ৰৰ ওচৰত এখন ট্ৰাক ৰখায়।

ট্ৰাকখন পৰীক্ষা কৰাৰ পিছত আৰক্ষীয়ে ২১ টা গৰু ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰে।

আৰক্ষীয়ে লগে লগে ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকৰ আৰোহীকেইজনকো আটক কৰে।

ধৃত ব্যক্তি কেইজনক আশিকুৰ ৰহমান আৰু আবু আলম বুলি চিনাক্ত কৰা হৈছে।

উদ্ধাৰ কৰা গৰুবোৰ চিলাপথাৰৰ পৰা নগাঁও অভিমুখে লৈ যোৱা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে লগতে জানিবলৈ দিয়া মতে অনুমতি আৰু বৈধ নথিপত্ৰ অবিহনে এই গৰুবোৰ পৰিবহন কৰা হৈছিল।

Related News