আলফা স্বাধীনৰ দুজন দুৰ্ধৰ্ষ সদস্য ধনী অসম আৰু জাগৰণ অসমৰ আত্মসমৰ্পণ

আত্মসমৰ্পন কৰা আলফা স্বাধীনৰ সদস্যদ্বয় ক্ৰমে ধনী অসম আৰু জাগৰণ অসম। ফটো: নৰ্থইষ্ট নাও।

শেহতীয়াকৈ আলফা স্বাধীনত অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীৰ যোগদানৰ বাতৰিয়ে শিৰোনাম দখল কৰি থকাৰ সময়তেই আলফা স্বাধীনৰ দুজন দুৰ্ধৰ্ষ সদস্য আৰক্ষী আৰু সেনাৰ হাতত ধৰা পৰাৰ পিছত আত্মসমৰ্পণ কৰিছে।

অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙৰ গভীৰ অৰণ্যত সেনা-আৰক্ষীৰ ব্যাপক উগ্ৰপন্থী বিৰোধী অভিযানত ম্যানমাৰৰ আলফা স্বাধীনৰ শিৱিৰৰ পৰা নামি অহা আলফাৰ এটা সাতজনীয়া দলৰ দুজন আটক হোৱাৰ পিছত তেওঁলোকে নিৰাপত্তা বাহিনীৰ ওচৰৰ আত্মসমৰ্পণ কৰে।

উজনিৰ উপ আৰক্ষী মহাপৰিদৰ্শক জিৎমল দলেৰ নেতৃত্বত উগ্ৰপন্থীৰ বিৰুদ্ধে চলা এই অভিযানত দলটোৰ সদস্য ধনী অসমে ইতিমধ্যে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে।

তিনিচুকীয়া আৰক্ষীয়ে ধনী অসমৰ পৰা এটা HK 33 ৰাইফল, তিনিটা মেগজিন, এটা চাইনিছ গ্ৰেনেড আৰু ৯০ জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: ইউক্ৰেইন আক্ৰমণৰ দ্বাৰা উৎসাহিত হৈ টাইৱানত আক্ৰমণ চলাব চীনে: ডোনাল্ড ট্ৰাম্প

ধনী অসম আত্মসমৰ্পণ কৰাৰ পিছত সাতজনীয়া দলটো ঘন জংঘলত ছেদেলি ভেদেলি হৈ পৰিছিল। দলটোত আছিল কেপ্তেইন মিগাংক অসম, কেপ্তেইন ধনী অসম, জ্ঞান অসম, ইয়াংকু অসম, জাগৰণ অসম আৰু দুগৰাকী এনএছচিএন( কে ৱাই কে)ৰ সদস্য।

ইয়াৰে এগৰাকী সদস্য জাগৰণ অসমে আজি অসম আৰক্ষীৰ উপ আৰক্ষী মহাপৰিদৰ্শক জিৎমল দলেৰ ওচৰত আত্মসমৰ্পণ কৰে। তিনিচুকীয়া আৰক্ষীয়ে আত্মসমৰ্পণ কৰা জাগৰণ অসমৰ পৰা  এটা MQ 81 ৰাইফল সহ তিনিটা মেগজিন আৰু ১৪৮ জাই সজীৱ গুলী উদ্ধাৰ কৰে।

জব্দ কৰা অস্ত্ৰ-শস্ত্ৰসমূহ। ফটো: নৰ্থইষ্ট নাও।

দুয়োজন আলফা স্বাধীনৰ সদস্যই আত্মসমৰ্পণ কৰাৰ পিছত আজি সন্ধিয়া তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে এখন সাংবাদমেল মাতি  কয় যে আলফা স্বাধীনৰ সাতজনীয়া গোটটো নতুন যুৱক-যুৱতীক যোগদান, ধন দাবী আদি কাৰ্য্যকলাপৰ বাবে ম্যানমাৰৰ শিবিৰৰ পৰা নামি আহিছিল।

ইয়াৰ দুজন ক্ৰমে ৰবীন নেওগ ওৰফে ধনী অসমৰ ঘৰ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰু আনজন নিলোৎপল তামুলী ওৰফে জাগৰণ অসমৰ ঘৰ চৰাইদেউ জিলাত।

ম্যানমাৰৰ আলফা স্বাধীনৰ ৭৭৭ কেম্পৰ পৰা আলফা স্বাধীনৰ এই দলটো আহিছিল বুলি আৰক্ষী অধীক্ষক দেউৰীয়ে জানিবলৈ দিয়াৰ লগতে কয় যে প্ৰায় ৩০ কেজি বিস্ফোৰক সামগ্ৰী চাংলাং জিলাৰ অৰণ্যৰ বিভিন্ন স্থানত লুকুৱাই ৰখা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয়।

তেওঁ কয় যে বাকী কেইজনে যদি আত্মসমৰ্পণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে তেনেহ’লে চৰকাৰ প্ৰশাসনৰ দুৱাৰ সদায় মুকলি হৈ আছে। ইয়াৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থাও গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছে।

আনহাতে, উগ্ৰপন্থী বিৰোধী অভিযান বৰ্ত্তমানেও চলি থাকিব বুলি আৰক্ষী অধীক্ষক দেউৰীয়ে সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে। 

ইপিনে তিনিচুকীয়া আৰক্ষীয়ে আলফা স্বাধীনৰ দলটোৰ আন ৫জন সদস্যক বিচাৰি অভিযান অব্যাহত ৰখাৰ কথা সাংবাদিকক জনায়।