হাতী-মানুহৰ সংঘাতৰ পৰিণতি! ডিগবৈ, জয়পুৰত মৃত অৱস্থাত উদ্ধাৰ দুটা বনৰীয়া হাতী

Two wild elephants were found dead ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত শনিবাৰে দুটা বনৰীয়া হাতী মৃত অৱস্থাত পোৱা গৈছে। ডিগবৈ আৰু ডিব্ৰুগড় বন সংমণ্ডলৰ পৰা হাতীৰ মৃতদেহ দুটা উদ্ধাৰ কৰা হৈছে।

বন বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে শনিবাৰে পুৱা ডিব্ৰুগড় বন সংমণ্ডলৰ জয়পুৰ ৰেঞ্জৰ অন্তৰ্গত গুলমাৰী অঞ্চলৰ পৰা এটা মতা হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। বন বিষয়াসকলে জয়পুৰ ৰেঞ্জৰ চুকুনজুৰি পথৰ ওচৰত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ প্ৰবাহিত তাঁৰৰ সংস্পৰ্শলৈ অহাৰ পিছত হাতীটো বিদ্যুৎস্পৃষ্ট হোৱাৰ সন্দেহ কৰিছে।

লগতে পঢ়ক: দুৰ্নীতিৰ গোচৰত চিবিআইয়ে সোধপোছ কৰিলে প্ৰাক্তন ৰাজ্যপালক; চলিল তালাচীও!

একেদৰে, শনিবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত পোৱাই চাহ বাগিচাৰ বন গাওঁত গাওঁবাসীয়ে আন এটা হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

সূত্ৰসমূহে কয় যে হাতীটো বহু দিনৰ আগতে আঘাতপ্ৰাপ্ত হৈছিল আৰু চিকিৎসা চলি থকাৰ সময়তে শনিবাৰে তাৰ মৃত্যু হয়।

বনাঞ্চল সংকুচিত হোৱাৰ ফলত হাতী-মানুহৰ সংঘাত বাঢ়ি আহিছে। হাতীবোৰে সঘনাই খাদ্যৰ সন্ধানত মানুহৰ বাসস্থানৰ ফালে আগবাঢ়িছে যাৰ ফলত সংঘাত হৈছে।

এগৰাকী পৰিৱেশবিদ দেৱজিত মৰাণে কয়, “হাতীৰ কৰিডৰত বাধা অহাৰ বাবে হাতীবোৰ মানুহৰ বাসস্থানত প্ৰৱেশ কৰিছে। মানুহৰ বেদখলৰ বাবে বেছিভাগ হাতীৰ কৰিডৰ অৱৰোধ হৈছে।”

“বেদখলৰ বাবে বগাপানী হাতী কৰিডৰ বন্ধ হৈ পৰিছে। হাতী কৰিডৰৰ ওচৰত বহুতো ঘৰ নিৰ্মাণ কৰা হৈছে যাৰ ফলত কৰিডৰৰ মাজেৰে হাতী পাৰ হোৱাত সমস্যাৰ সৃষ্টি কৰিছে। গোলাই টাৰ্মিনেল যিটো আগতে এটা হাতী কৰিডৰ আছিল সেইটোও বন্ধ হৈছে,”-মৰানে কয়।

তেওঁ লগতে প্ৰশ্ন কৰে, ‘য’ত এটা হাতী কৰিডৰ আছিল সেই বনভূমি বিক্ৰী কৰাৰ আৰু সেই অঞ্চলত মানুহক বসতি স্থাপন কৰিবলৈ কোনে অনুমতি দিছিল।‘’

লগতে পঢ়ক: ইউক্ৰেইন জয়ৰ দায়িত্ব বায়ুসেনাক দিলে পুটিনে; আক্ৰমণ আৰম্ভ কৰিলে নতুন ৰুছ যুদ্ধ বিমানে

মৰানে কয়, “স্থানীয় গুণ্ডাবাহিনী আৰু তেওঁলোকৰ অনুগতসকলে প্ৰশাসন পৰিচালনা কৰে আৰু হাতীৰ কৰিডৰত বেদখল কৰে। ইয়াৰ আগতে হাতীৰ চলাচলৰ বাবে এক সুৰক্ষিত পথ বগাপানী হাতী কৰিডৰ আৰু গোলাই টাৰ্মিনেলৰ দৰে এলেকা এতিয়া বন্ধ কৰি হৈছে। সংশ্লিষ্ট বিভাগে বিষয়টো তদন্ত কৰা উচিত আৰু বনভূমি বিক্ৰীৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা উচিত।‘’