NORTHEAST NOW (Assamese)

দিল্লীৰ বিধানসভা নিৰ্বাচন : নগদ ৫ লাখ টকাসহ গ্ৰেপ্তাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ দুই কৰ্মচাৰী

February 5, 2025 11:21 am · এন ই নাও নিউজ, গুৱাহাটী

বুধবাৰৰ পুৱাৰে পৰা দিল্লীত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হয়। ভোটদান আৰম্ভ হোৱাৰ এঘণ্টা পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীৰ কাৰ্যালয়ৰ পৰা আৰক্ষীয়ে আটক কৰে দুজন লোকক।

দিল্লীৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ত অৱগত কৰা হৈছে যে ধৃত লোককেইজনৰ পৰা নগদ ৫ লাখ টকা জব্দ কৰা হৈছে৷

আৰক্ষীয়ে জনোৱা মতে, ধৃত লোকসকল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ কৰ্মচাৰী। ইয়াৰে এজন মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়কৰ পদত আছে। দ্বিতীয়জন ব্যক্তি হৈছে গাড়ী চালক।

দিল্লী আৰক্ষীৰ উপ আয়ুক্ত ৰবি কুমাৰ সিঙে জানিবলৈ দিয়া মতে, গৌৰৱ আৰু অজিত নামৰ কৰ্মচাৰী দুজন নগদ ধনৰ সৈতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত থকা বুলি ধৰা পৰাৰ পিছতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে এই গ্রেপ্তাৰৰ সন্দর্ভত এতিয়াও কোনো প্রতিক্রিয়া প্রদান কৰা নাই মুখ্যমন্ত্রী আতিশীয়ে।

Related News