চিৰাঙত আৰক্ষীৰ গুলীত নিহত ডকাইতি কাণ্ডত জড়িত দুই প্ৰাক্তন এনএলএফবি সদস্য

ফটো: নৰ্থইষ্ট নাও।

চিৰাং জিলাৰ ৰুণীখাতা আৰক্ষী থানাৰ অন্তৰ্গত শুংৰী দিছাবাৰীত এক সংঘৰ্ষত নিহত হৈছে দুজন প্ৰাক্তন নেশ্যনেল লিবাৰেশ্যন ফ্ৰন্ট অফ বডোলেণ্ড (এনএলএফবি)ৰ সদস্য।

চিৰাঙৰ আমতেকাত ঘটা ডকাইতি কাণ্ডত জড়িত দুই প্ৰাক্তন এনএলএফবি সদস্য আৰক্ষীৰ গুলীত নিহত হয়।

ডকাইতৰ দলৰ সৈতে হোৱা গুলীয়াগুলীত চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি আঘাতপ্ৰাপ্ত হৈছে।

লগতে পঢ়ক: শ্ৰীলংকাৰ অৰ্থনৈতিক সংকট; ঔষধৰ নাটনি, জৰুৰী স্বাস্থ্য অৱস্থা ঘোষণা

নিহত প্ৰাক্তন এনএলএফবি সদস্য দুজনৰ এজনক মহন্ত নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে যদিও আন এজনক এতিয়াও চিনাক্ত কৰিব পৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে, চিৰাং জিলাৰ ঢালিগাঁও কুমাৰপৰাত এজন যুৱকক নিশা অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। নিহত যুৱকজনক ৰাজা বড়ো বুলি চিনাক্ত কৰা হৈছে।