NORTHEAST NOW (Assamese)

“মামা আপুনি আমাক সহায় কৰক, আমি আকৌ স্কুললৈ যাম”-মুখ্যমন্ত্ৰীলৈ দুই কণমানিৰ কাতৰ আহ্বান

June 1, 2021 12:36 pm · ৰিদীপ শৰ্মা
মুখ্যমন্ত্ৰীলৈ দুই কণমানিৰ কাতৰ আহ্বান। ফটো: নৰ্থইষ্ট নাও।

“মামা আপুনি আমাক অকনমান সহায় কৰক, আমি আকৌ স্কুললৈ যাম।” হিমন্ত মামাক হাতযোৰ কৰি সহায় বিচাৰিলে দুই দুৰ্ভগীয়া কণমানি ভাগিনীয়ে।

কম বয়সতে ঘাত-মাউৰা হোৱা কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱৰ দুই কণমানিয়ে আজি উচুপি উঠিছে।

মধ্য কলিয়াবৰ ছোৱালী হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী লিপিকা দাস আৰু নৱম শ্ৰেণীৰ ছাত্ৰী জ্যোতিৰেখা দাসৰ দুখৰ কাহিনী শুনিলে হয়তো আপোনাৰো দুচকু সেমেকি উঠিব।

দহ বছৰ পূৰ্বেই মৃত্যু হৈছিল লিপিকা আৰু জ্যোতিৰেখাৰ পিতৃ-মাতৃৰ। পিতৃ গোপাল দাস আৰু মাতৃ বাসন্তী দাসৰ মৃত‍্যুৰ পাছত ককাক-আইতাকে চোৱা-চিতা কৰিছিল যদিও তেওঁলোকৰো মৃত‍্যু হোৱাত সমগ্ৰ দায়িত্ব আহি পৰে বৰদেউতাকৰ পৰিয়াললৈ।

কিন্তু দুৰ্ভাগ্যই লগ নেৰা দুই কণমানিৰ বৰদেউতাকৰো মৃত্যু হয় ৪ মাহ পূৰ্বে। অৱশেষত দুই কণমানিৰ দায়িত্ব ল’ব লগা হয় বৰদেউতাকৰ পুত্ৰ বিনোদ দাসে।

টেন্টৰ কাম কৰি কোনোমতে ঘৰখন চলাই থকা বিনোদ দাস এতিয়া বিপদত পৰিছে। আৰ্থিকভাৱে দুৰ্বল হোৱাত বিশেষকৈ বিগত বৰ্ষৰ লকডাউন আৰু এইবাৰৰ আংশিক লকডাউনে বাৰুকৈয়ে অসুবিধাত পেলাইছে বিনোদৰ পৰিয়ালটোক।

আৰ্থিক অনাটনৰ বাবেই নৱম শ্ৰেণীতে শিক্ষা সামৰিবলৈ ওলাইছে এতিয়া জ্যোতিৰেখাই।

উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সহায় বিচাৰি কৰযোৰে অনুৰোধ জনাইছে দুই কণমানিয়ে।

মুখ্যমন্ত্ৰীক “মামা” সম্বোধন কৰি¸ সহায় বিচাৰি পৰিয়ালটোক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায় এতিয়া কণমানি জ্যোতিৰেখা আৰু লিপিকাই।

Related News