NORTHEAST NOW (Assamese)

কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ল’লে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

September 11, 2020 9:50 am · এন ই নাও নিউজ

ৰাজ্যখনত কোভিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ লগতে আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যাও ক্ৰমে বৃদ্ধি পাবলৈ লৈছে।

এনে ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুটা সিদ্ধান্ত গ্ৰহণ কৰিছে।

স্বাস্থ্য বিভাগে আনলক-৪ৰ নিৰ্দেশনা অনুসৰি কোনো ব্যক্তিয়ে অসমৰ বাহিৰলৈ ভ্ৰমণ কৰি যদি ৯৬ঘন্টাৰ ভিতৰত ঘুৰি আহে তেতিয়া তেওঁ চৰ্ত সাপেক্ষে কোৱাৰেন্টাইন হ’ব নালাগিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে।

এইক্ষেত্ৰত ব্যক্তিজনে ঘুৰি অহাৰ পাছত ৰেপিড এন্টিজেন টেষ্ট কৰাব লাগিব।

যদি ব্যক্তিজনৰ এন্টজেন টেষ্ট পজিটিভ আহে তেতিয়াহ’লে তেওঁ কোভিড প্ৰট’কল অনুসৰি হোম কোৱাৰেন্টাইনত থাকিব লাগিব বা কেভিড কেয়াৰ চেন্টাৰ বা হাস্পাতলত চিকিৎসাৰ বাবে ভৰ্তি হ’ব লাগিব।

যদি ব্যক্তিজনৰ এন্টিজেন টেষ্ট নিগেটিভ আহে, তেনেহ’লে  RT-PCR টেষ্টৰ বাবে তেওঁৰ স্বাৱ লোৱা হ’ব আৰু ইয়াৰ ফলাফল নহালৈকে তেওঁ আইছ’লেশ্যনত থাকিব লাগিব।

যদিহে লে  RT-PCR টেষ্টৰ ফলাফল পজিটিভ আহে তেতিয়াহ’লে তেওঁ কোভিড প্ৰট’কল অনুসৰি হোম কোৱাৰেন্টাইনত থাকিব লাগিব বা কেভিড কেয়াৰ চেন্টাৰ বা হাস্পাতলত চিকিৎসাৰ বাবে ভৰ্তি হ’ব লাগিব।

সেইদৰে, যদি RT-PCR টেষ্টৰ ফলাফল নিগেটিভ আহে তেতিয়াহ’লে তেওঁ আৰু কোনো কোৱাৰেন্টাইনত থকাৰ প্ৰয়োজন নহ’ব।

ব্যক্তিজনে অসমৰ বাহিৰত থকাৰ সময়ত কঠোৰভাৱে স্বাস্থ্যবিধি তথা সামজিক দূৰত্ব বিধি মানি চলিব লাগিব।

আনহাতে, স্বাস্থ্য বিভাগে জাৰি কৰা আন এক নিৰ্দেসনাত কোৱা হৈছে যে কোভিড ৰোগীৰ মৃত্যুৰ পাছত সৎকাৰৰ বাবে যিসকল পৰিয়ালে খৰচ বহন কৰিবলৈ সমৰ্থ নহয় তেওঁলোকক ৫,০০০ পৰ্যন্ত  খৰচ আগবঢ়োৱা হ’ব।

Related News