ক্ৰীড়াত ডপিঙৰ ঘটনা নতুন নহয়। বিগত সময়ছোৱাত কেইবাবাৰো খেলুৱৈসকলক নিষিদ্ধ দ্ৰব্য ব্যৱহাৰ কৰাৰ বাবে নিলম্বন কৰা হৈছে। কিছুমান খেলুৱৈয়ে জানি-বুজি সেৱন কৰিছে, আন কিছুমানে গম নোপোৱাকৈয়ে সেৱন কৰিছে। এইবাৰ ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত পুনৰ দেখা গ’ল ড’পিঙৰ ঘটনা। দুই টেনিছ তাৰকাৰ বিৰুদ্ধে নিষিদ্ধ দ্ৰব্য সেৱনৰ অভিযোগ উঠিছে।
পুৰুষৰ ডাবলছৰ খেলুৱৈ কৃষ্ণ প্ৰসাদ গাৰ্গ আৰু মহিলা ডাবলছৰ খেলুৱৈ শ্বেতাপৰ্ণা পাণ্ডাৰ প্ৰস্ৰাৱৰ নমুনা পৰীক্ষা কৰা হয়। পৰীক্ষাৰ প্ৰতিবেদনত দেখা গৈছে যে তেওঁলোকে নিষিদ্ধ পদাৰ্থ গ্ৰহণ কৰিছিল। ড’পিঙৰ অভিযোগত তেওঁলোকক নিলম্বন কৰা হৈছে।
কৃষ্ণ প্ৰসাদ গাৰ্গক ৪ বছৰৰ বাবে নিলম্বন কৰা হৈছে। তেওঁৰ শৰীৰত হিউমেন ক’ৰিয়ানিক গ’নাড’ট্ৰপিন (hCG) আৰু লুটিনাইজিং হৰম’ন (LH) পোৱা গৈছে। পুৰুষ খেলুৱৈয়ে এই দুবিধ দ্ৰব্য সেৱন কৰাত নিষেধাজ্ঞা আৰোপ কৰা আছে। এই দুবিধ পদাৰ্থ গ্ৰহণ কৰিলে শৰীৰত টেষ্টষ্টেৰনৰ মাত্ৰা বৃদ্ধি পায়। কৃষ্ণ প্ৰসাদ গাৰ্গে এতিয়া সাই প্ৰতীকৰ সৈতে যুটী বান্ধি খেলিছে। সাত্বিক ছাইৰাজ আৰু চিৰাগ শ্বেট্টীৰ পিছত তেওঁলোকৰ এই যুটিটো অন্যতম প্ৰতিশ্ৰুতিসম্পন্ন।
গাৰ্গাই ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত হায়দৰাবাদত পৰীক্ষাৰ বাবে নমুনা দিছিল। শেহতীয়াকৈ তেওঁৰ ৰিপৰ্ট আহিছিল আৰু তাত লিখা আছিল যে তেওঁ নিষিদ্ধ দ্ৰব্য সেৱন কৰিছে। তেওঁৰ ৪ বছৰৰ নিলম্বন ২০২৪ চনৰ ৩১ জুলাইৰ পৰা কাৰ্যকৰী হয়। গাৰ্গাই কয়, ডাবলছ প্লেয়াৰ হিচাপে আমি ভাল ফলাফল দেখুৱাইছিলো। আমি সাত্বিক আৰু চিৰাগৰ যুটিক হেৰুৱাইছিলো। সেই সময়তে মোৰ নমুনা সম্পৰ্কে নাডাৰ পৰা এখন চিঠি আহে। সেই সময়ত মোৰ এই বিষয়ে কোনো ধাৰণা নাছিল, গতিকে মই খেলি থাকিলোঁ। ভাৰতত পূর্বে এনে ঘটনা সংঘটিত হোৱা নাই৷ বেডমিণ্টনতো দেখা পোৱা নাযায়। মই বুজি নোপোৱাকৈ খেলি থাকিলোঁ। মোক হঠাতে কোৱা হ’ল যে মোক নিলম্বন কৰা হৈছে। মই বুজিব পৰা নাই, নিলম্বন উঠাবলৈ আবেদন কৰিছো।”
শ্বেতাপৰ্ণা পাণ্ডাৰ টেষ্ট ৰিপৰ্টতো পজিটিভ আহিছে। ভনীয়েক ঋতুপৰ্ণাৰ সৈতে যুটী বান্ধি খেলি আছে। ওড়িশা মাষ্টাৰ্ছৰ সময়ত তেওঁৰ শৰীৰত টাৰ্বুটালিন পোৱা গৈছে। ইয়াৰ ফলত কোনো মানুহৰ পেশীৰ শক্তি বাঢ়ি যায়। তেওঁ নাডাৰ প্ৰতিবেদনৰ প্ৰতি কোনো সঁহাৰি নিদিলে।