NORTHEAST NOW (Assamese)

অসম-মেঘালয় সীমান্তত পুনৰ সংঘৰ্ষ, দুজন আহত

May 11, 2023 7:23 pm · এন ই নাও নিউজ, গুৱাহাটী

অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্তৰ পৰা নতুনকৈ হিংসাত্মক ঘটনাৰ খবৰ আহিছে। অসম মেঘালয় সীমান্তৰ এখন গাঁৱত বৃহস্পতিবাৰে (১১ মে’) পুনৰ সংঘৰ্ষৰ সৃষ্টি হয়।

অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ লংহেমফি গাঁৱত সংঘটিত হয় এই সংঘৰ্ষ।

অসম-মেঘালয় সীমান্তৰ সমীপত অৱস্থিত লেংহেমফি গাঁও।

অসম-মেঘালয় সীমান্তত সংঘটিত হোৱা এই সংঘৰ্ষত দুজন লোক গুৰুতৰভাৱে আহত হৈছে।

আহত দুয়োজনকে প্ৰথমে ওচৰৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয় যদিও পিছত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে হোজাইলৈ প্ৰেৰণ কৰা হয়।

দুষ্কৃতিকাৰীয়ে অঞ্চলটোৰ চাহ খেতিসমূহো ধ্বংস কৰে।

(বিস্তাৰিত খবৰৰ বাবে অপেক্ষা কৰা হৈছে)।

Related News