অসমৰ পথ দুৰ্ঘটনাত এইবাৰ আক্ৰান্ত দুগৰাকীকৈ ইজৰায়েলৰ পৰ্য্যটক

Israel

দুৰ্ঘটনাটোৰ ছবি। নৰ্থ ইষ্ট নাও।

কলিয়াবৰৰ হাটবৰৰ ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে বিয়লি এখন মাৰুতি ভান আৰু চাহপাত ভৰ্তি ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুগৰাকী ইজৰায়েলি পৰ্য্যটক  গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে কাজিৰঙাৰ পৰা গুৱাহাটী অভিমুখী RJ 14 7C 0841 নম্বৰৰ মাৰুটি ভানখনত চালকৰূপে আছিল আহত জন আতা আৰু লগত আছিল ইনবাৰ নামৰ এগৰাকী মহিলা।

আহত দুয়োজনকে স্থানীয় ৰাইজ আৰু জখলাবন্ধা আৰক্ষীয়ে জখলাবন্ধা চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ পিছত দুয়োজনকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

ইজৰাইলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত দুৰ্ভাগ্যক্ৰমে কলিয়াবৰৰ হাটবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয়।

আনহাতে দুৰ্ঘটনাত পতিত হোৱা চাহপাতভৰ্তি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰাৰ ফলত কিছু সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত স্থবিৰ হৈ পৰে যদিও বাইপাছ ৰাস্তাৰে যাতায়াত চলে।

জখলাবন্ধা আৰক্ষীৰ তৎপৰতাত কিছু সময়ৰ ভিতৰতে প্ৰশাসনে উক্ত ঘাইপথতো পুনৰ যাতায়তৰ সুবিধা কৰি দিয়ে।