আই ই ডি বিস্ফোৰণত কঁপি উঠিল ঝাৰখণ্ড; দুজন জোৱান শ্বহীদ, আহত তিনিজন

Jharkhand blast final

বৃহস্পতিবাৰে পুৱাই বিস্ফোৰণত কঁপি উঠিল ঝাৰখণ্ড। পুৱা প্ৰায় ৯বজাত পশ্চিম সিংভুমৰ হোৱাহাতু গাঁৱত সংঘটিক হোৱা এই বিস্ফোৰণৰ ফলত দুজন নিৰাপত্তাৰক্ষী নিহত হয়।

আনহাতে, এই ঘটনাত আন তিনিজন গুৰুতৰভাৱে আহত হৈছে। বিস্ফোৰণটোত আই ই ডি ব্যৱহাৰ কৰা হৈছে বুলি অনুমান কৰা হৈছে।

এই বিস্ফোৰণৰ ঘটনাৰ আঁৰত মাওবাদী জড়িত থকাৰ সন্দেহ কৰা হৈছে।

বাতৰি অনুসৰি, ঝাৰখণ্ড আৰ৭ঈয়ে জানিবলৈ দিয়ে যে নক্সালবাদীসকলে ৰখা আই ই ডি বিস্ফোৰণত ঝাৰখণ্ড জাগুৱাৰ বাহিনীৰ দুজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হৈছে।

বিস্ফোৰণৰ ঘটনাৰ পাছতে অঞ্চলটোত ব্যাপক তালাচী অভিযান আৰম্ভ কৰা হৈছে। আহতসকলৰ ভিতৰত এজন চিআৰপিএফৰ জোৱান আৰু বাকী দুজন জাগুৱাৰ বাহিনীৰ জোৱান বুলি কোৱা হৈছে।

দীৰ্ঘদিন ধৰি চলি থকা মাওবাদী সমস্যাই জুৰুলা কৰা ঝাৰখণ্ডৰ নৱ গঠিত হেমন্ত চোৰেন নেতৃত্বাধীন চৰকাৰখনৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ দেখা দিছে।