NORTHEAST NOW (Assamese)

কৃষ্ণাইত একে গাঁৱৰ দুটিকৈ শিশুৰ সলিল সমাধি

August 7, 2019 7:44 pm · নীলমণি শৰ্মা
Updated: August 7, 2019 7:47 pm
প্ৰতিনিধিত্বমূলক ছবি

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ঢেকীয়াবাৰী গাঁৱত দুটি শিশুৰ সলিল সমাধি হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

নিহত শিশু দুটিক চন্দ্ৰ ৰাভা আৰু কৰণ ৰাভা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে ঢেকীয়াবাৰী গাঁৱৰ অমল চন্দ্ৰ ৰাভাৰ ৭ বছৰীয়া পুত্ৰ চন্দন ৰাভা আৰু মাখন ৰাভাৰ পুত্ৰ কৰণ ৰাভা কালি অৰ্থাৎ মংগলবাৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল।

সন্ধানহীন হৈ থকা শিশু দুটিক পৰিয়ালৰ লোকে কালি ওৰে নিশা বিচাৰ-খোচাৰ কৰে যদিও তেওঁলোকৰ সন্ধান উলিয়াব পৰা নাছিল।

অৱশেষত আজি পুৱাৰ ভাগত গাঁওখনৰে এটা পুখুৰীত দুয়োটি শিশুৰ মৃতদেহ উদ্ধাৰ হয়।

Related News