ফ্ৰান্স আৰু ৰাছিয়াৰ পিছত এইবাৰ কানাডাত ডিঙি ৰেপি দুজনক হত্যা : আহত ৫ জন

canada-stab-1

এইবাৰ ইউৰোপ নহয়, আমেৰিকা মহাদেশত সংঘটিত হৈছে ডিঙি ৰেপি হত্যা কৰাৰ দৰে লোমহৰ্ষক ঘটনা।

এই লোমহৰ্ষক কাণ্ডটো সংঘটিত হৈছে কানাডীয়ান প্ৰভিন্সৰ কুউবেক চহৰত।

শনিবাৰে নিশা স্থানীয় সময় প্ৰায় ১২ বজাত কানাডাৰ কিউবেক প্ৰদেশৰ ৰাজপথত অচিনাক্ত আততায়ীয়ে হঠাতে দুজন লোকক ডিঙি কাটি হত্যা কৰাৰ লগতে অন্য পাঁচজন লোকক আহত কৰিছে।

আততায়ীজনে মধ্যযুগীয় পোছাক পৰিধান কৰি আহিছিল বুলি স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰিছে স্থানীয় সংবাদ প্ৰতিষ্ঠানৰ আগত।

আততায়ীজনে ৰাস্তা পাৰ হৈ হঠাতে পথাচাৰীৰ ওপৰত আক্ৰমণ কৰে। এই আক্ৰমণত মুঠ সাতজন লোকক আহত হয় আৰু ততাতৈয়াকে আহত লোককেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসালয়তে আহত দুজন লোকৰ মৃত্যু হয় বুলি প্ৰকাশ কৰিছে স্থানীয় সংবাদ প্ৰতিষ্ঠানে।

অৱশ্যে কানাডা চৰকাৰে বৰ্তমানলৈকে চৰকাৰীভাৱে এই সম্পৰ্কে কোনো আনুষ্ঠানিক বিবৃতিটো প্ৰকাশ কৰা নাই।

এতিয়ালৈকে কোনে এই হত্যাকাণ্ড সংঘটিত কৰিছে সেয়া জানিব পৰা হোৱা নাই। আনহাতে কানাডাৰ কিউবেক অঞ্চল হৈছে ফৰাচী লোকৰ অধ্যুষিত এলেকা।

ফ্ৰান্স তথা ৰাছিয়াত সংঘটিত হত্যাকাণ্ডবোৰ লগত এই হত্যাকাণ্ডটো সাদৃশ্য থকালৈ চাই কোনো কট্টৰপন্থী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা বুলিও একাংশই ধাৰণা কৰিছে।

কিউবেক আৰক্ষী সূত্ৰৰ খবৰ মতে স্থানীয় সময় নিশা ডেৰটা মান বজাত ঘটনাৰ সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে গ্ৰেপ্তাৰ কৰা লোকজন এই লোমহৰ্ষক হত্যাকাণ্ডত জড়িত আছিল নাই সেয়া স্পষ্টভাৱে আৰক্ষীয়ে প্ৰকাশ কৰা নাই।

ঘটনা সংঘটিত হোৱা অঞ্চলটোক ঘেৰি তালাচী অভিযান চলোৱাৰ লগতে অঞ্চলবাসীক ঘৰতে থকাৰ পৰামৰ্শ আগবঢ়াইছে কিউবেক আৰক্ষীয়ে।