NORTHEAST NOW (Assamese)

গোৱালপাৰাত ট্ৰাক-মটৰ চাইকেল সংঘৰ্ষ : নিহত দুজন

November 13, 2024 11:53 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

গোৱালপাৰাত বুধবাৰে পুৱা এখন ট্ৰাক আৰু মটৰ চাইকেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুজন লোকৰ মৃত্যু হয়।

গোৱালপাৰাৰ দাৰিদুৰী অঞ্চলত মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত হঠাৎ তীবেবেগী ডাম্পাৰে খুন্দা মৰাৰ ফলত বাইক আৰোহী দুজনৰ মৃত্যু হয়।

স্থানীয় লোকে জনোৱা মতে, ডাম্পাৰখন ওলোটা দিশত তীব্ৰবেগত গৈ আছিল।

নিহত লোক দুজনৰ নাম জাহাংগীৰ আলম আৰু মহম্মদ কাইফ।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দুৰ্ঘটনাৰ পৰিস্থিতিৰ বুজ লৈছে।

জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ট্ৰাক চালকজনে পলায়ন কৰে।

Related News