দুটা পৃথক গণ প্ৰহাৰত দুজনকৈ লোকৰ মৃত্যু যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশত

index

ইটোৰ পিছত সিটো হত্যাকাণ্ডই উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ আইন শৃংখলাজনিত ফোঁপোলা স্বৰূপটো উদঙাই দিছে।

যোৱা দুটা দিনত ৰাজ্যৰখনৰ দুটা পৃথক পৃথক গণ প্ৰহাৰৰ কাণ্ডত দুগৰাকী লোকৰ মৃত্যু ঘটিছে।

আৰক্ষীৰ সূত্ৰৰ মতে ৰাজ্যখনৰ মাইনপুৰী জিলাত সংঘটিত হৈছে প্ৰথমটো নাৰকীয় কাণ্ড।

ঘটনাৰ বিৱৰণীৰ মতে দেওবাৰে জিলাখনৰ খাৰ্গাজিৎ নগৰত নিজ ১১ বছৰীয়া কন্যা সন্তানক বিক্ৰী কৰাৰ সন্দেহত সাৰ্ভেশ কুমাৰ নামৰ লোকজনক পাঁচজন লোকে লাঠি ৰ’ড আদিৰে আক্ৰমণ কৰে।

আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা লোকজনক সংকটজনক অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰে যদিও লোকজনৰ তাতে মৃত্যু হয়।

এই আক্ৰমণৰ ঘটনাৰ ভিডিঅ’ ইতিমধ্যে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈছে আৰু আৰক্ষীয়ে পাঁচজন লোকক চিনাক্ত কৰি ঘটনাৰ সন্দৰ্ভত ইতিমধ্য গ্ৰেপ্তাৰ কৰিছে।

ইফালে দ্বিতীয়টো ঘটনা ঘটিছে সোমবাৰে ৰাজ্যখনৰ কুশী নগৰত। ঘটনাৰ বিৱৰণী মতে গঞাই এজন লোকক লোকজনৰ ঘৰৰ ভিতৰতে গণ প্ৰহাৰ কৰি হত্যা কৰে।

আৰক্ষীয়ে গৈ ঘটনাৰ স্থলীত উপস্থিত হৈছিল যদিও লোকজনক গঞাৰ হাতৰ পৰা উদ্ধাৰ কৰি ৰক্ষা কৰিব নোৱাৰিলে বুলি জানিব পৰা গৈছে।