লেখাপানীত ভয়াবহ পথ দুৰ্ঘটনাত দুই কয়লা শ্ৰমিক নিহত; আৰক্ষীয়ে ঘটনা গাপ দিয়াৰ অভিযোগ!

Accident Lekhapani

ফটো: নৰ্থইষ্ট নাও।

তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিৰাপ গেটত শনিবাৰে এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত দুজন শ্ৰমিক নিহত হোৱাৰ লগতে আন কেইবাগৰাকীও লোক আহত হয়।

পুৱতি নিশা প্ৰায় ৪: ০০ মান বজাত এ, এছ-২৩ বি, চি-৭০৩৫ নম্বৰৰ এখন অ’ট বাহনে লিডুৰ টিৰাপ কলিয়ৰীৰ পৰা কয়লা বোজাই কাম কৰা ১০জন শ্ৰমিক কঢ়িয়াই জাগুন অভিমুখে আহি আছিল।

অ’টখন তীব্ৰ বেগেৰে আহি থকা অৱস্থাত টিৰাপ গেট শনি মন্দিৰৰ সমীপত লেখাপানী লালপাহাৰ পৰা কয়লা নিবলৈ আহি ৰৈ থকা এখন ট্ৰেলাৰ গাড়ীৰ পাছফালে প্ৰচণ্ড জোৰত খুন্দা মাৰে।

Also Read: শিৱসাগৰত দুটাকৈ এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ, আতংকিত স্থানীয় লোক

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগেই স্থানীয় ৰাইজৰ সহযোগত অ’ট আৰোহী কেইজনক ততাতৈয়াকৈ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও সেই সকলৰ মাজৰ দুজন ব্যক্তিক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

সেইদৰে, দুজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

মৃত ব্যক্তি দুজন ক্ৰমে বৰপেটা জিলাৰ আলোপটি থানাৰ অন্তৰ্গত অনৰ আলি (৩২) আৰু বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত মফিদুল ইছলাম (২২)।

Also Read:নিলাম হ’ব বিশ্বৰ প্ৰথমটো SMS, কি আছিল এই SMS টোত!

আনহাতে, সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা ব্যক্তি দুজন গোৱালপাৰা জিলাৰ অনন হুছেইন আৰু অফজল আলি বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত অ’ট খনৰ চালক জনৰ লগতে আন ছয় গৰাকী যাত্ৰী বৰ্তমান সংকট মুক্ত অৱস্থাত আছে।

অ’ট খনৰ চালক তথা গৰাকী আশুতোষ দেৱনাথে পথত ৰৈ থকা বাহন খনে পাছফালৰ লাইটৰ কোনো ধৰণৰ সংকেত ব্যৱহাৰ নকৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে।

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ অ’টখন থানালৈ নিয়ে যদিও পথৰ ওপৰত ৰৈ থকা ট্ৰেলাৰখন কিন্তু থানা চৌহদত দেখা পোৱা নগল।

এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি লেখাপানীত লালপাহাৰৰ পৰা অবৈধ কয়লা সৰবৰাহ কৰিবলৈ আহিছিল ট্ৰেলাৰ গাড়ীখন।

Also Read:আমাজনক ২০০ কোটি টকা জৰিমনা, ৰিটেইলাৰ ফিউচাৰ ক্ৰয়ৰ চুক্তি বাতিল

আৰক্ষীয়ে মৃত ব্যক্তি দুজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

দুজনকৈ দুখীয়া শ্ৰমিকৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ‌ পৰাৰ বিপৰীতে সমগ্ৰ ঘটনা সাধাৰণ দুৰ্ঘটনাৰ ৰূপ দি লেখাপানী আৰক্ষীয়ে ঘটনাটো যে কয়লা লগত জড়িত সেই সন্দৰ্ভত গাপ দিয়া অভিযোগ উঠিছে।

এই ক্ষেত্ৰত এক উচ্চ পৰ্য্যায়ত তদন্তৰো দাবী উত্থাপন কৰিছে স্থানীয় সচেতন মহলে।

উল্লেখ্য যে লেখাপানী লালপাহাৰত চোৰাং কয়লাৰ ৰমৰমীয়া বেহা লেখাপানী আৰক্ষীৰ চকুৰ সন্মুখতে সংঘটিত হৈ থকাৰ বিপৰীতে কমিচনৰ অংকত আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও জোৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

Also Read:চীনৰ ভাবুকিৰ মাজতে ভাৰতে সফলতাৰে পৰীক্ষণ কৰিলে ‘অগ্নি-পি’ বেলিষ্টিক মিছাইলৰ

শেহতীয়াকৈ লেখাপানী আদি অঞ্চলত কয়লাৰ চিণ্ডিকেট আৰম্ভ হৈছে বুলিও সূত্ৰসমূহে জানিবলৈ দিয়ে।