NORTHEAST NOW (Assamese)

মেৰামতি হোৱা নাই দুলীয়াজানস্থিত এল পি জি প্লাণ্টৰ বিকল যন্ত্ৰৰ : ৰন্ধন গেছৰ নাটনিৰ সম্ভাৱনা

December 28, 2018 8:39 am · এন ই নাও নিউজ
Updated: December 28, 2018 8:40 am

কেইবাদিনৰ পৰা বিকল হৈ থকা দুলীয়াজানস্থিত এল পি জি বটলিং প্লাণ্টৰ দুটাকৈ বিকল যন্ত্ৰৰ মেৰামতি নোহোৱাত উজনি অসমকে ধৰি অৰুণাচলতো ৰন্ধন গেছৰ নাটনিৰ সম্ভাৱনাই দেখা দিছে। জানিব পৰামতে, বিগত এসপ্তাহ ধৰি অইলৰ অধীনৰ এই এল পি জি বটলিং প্লাণ্টটোত দুটা যন্ত্ৰ বিকল হৈ আছে।

কিন্তু অভিযোগ মতে, উক্ত বিকল যন্ত্ৰকেইটা মেৰামতিৰ বাবে উদ্যোগ প্ৰতিষ্ঠানটোৱে কোনো প্ৰক্ৰিয়া আৰম্ভ কৰা নাই। সাধাৰণতে উদ্যোগ প্ৰতিষ্ঠানটোৱে এনেকুৱা মেৰামতিৰ বাবে নিবিদা আহ্বান কৰে যদিও এতিয়াও সেয়া কৰা নাই।

আনহাতে এল পি জি প্লাণ্টটোৰ সন্মুখত বৰ্তমান বহু সংখ্যক এল পি জি চিলিণ্ডাৰ কঢ়িওৱা গাড়ী আবদ্ধ হৈ থকা দেখা গৈছে।

উল্লেখ কৰিব পাৰি যে উজনি অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ, নগালেণ্ড আদিলৈয়ো এই প্লাণ্টটোৰ পৰা ৰন্ধন গেছৰ যোগান ধৰা হয়। গতিকে উৎপাদন বন্ধ হৈ থকাৰ ফলত মাঘ বিহুৰ পূৰ্বে উজনি অসমৰ লগতে চুবুৰীয়া ৰাজ্য দুখনতো প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

Related News