NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰত সেনা-উগ্ৰপন্থীৰ সংঘৰ্ষ : সংঘৰ্ষত নিহত দুই উগ্ৰপন্থী

June 19, 2024 9:00 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: June 19, 2024 8:08 pm

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত দুজন উগ্ৰপন্থী নিহত হৈছে। উগ্ৰপন্থীৰ গুলীচালনাত জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন বিষয়া গুৰুতৰভাৱে আহত হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি বুধবাৰে চেপোৰৰ সমীপৰ হাণ্ডিপোৰা অঞ্চলত সংঘটিত হয় এই সংঘৰ্ষ।

শেহতীয়াকৈ আৰক্ষীয়ে বাৰামুল্লাত উগ্ৰপন্থীয়ে আক্ৰমণ কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। সম্ভাব্য সন্ত্ৰাসবাদী আক্ৰমণ ৰোধ কৰিবলৈ বিভিন্ন ক্ষেত্ৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি জনাইছে আৰক্ষীয়ে। অব্যাহত আছে অনুসন্ধান অভিযান। একেটা অভিযানৰ সময়তে চেপোৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ সৃষ্টি হয়।

ইয়াৰ পূৰ্বে সোমবাৰে বান্দিপোৰা জিলাত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ তালাচী অভিযানত এজন উগ্ৰপন্থী নিহত হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি নিহত উগ্ৰপন্থীজন লস্কৰ-ই-টাইবাৰ সদস্য আছিল।

প্ৰসংগক্ৰমে কাশ্মীৰত মোডী চৰকাৰে শপত গ্ৰহণ কৰাৰ দিনা ৯ জুনত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পাইছিল। সেইদিনা জম্মুৰ ৰিয়াছি জিলাত তীৰ্থযাত্ৰীৰ এখন বাছত সন্ত্ৰাসবাদী আক্ৰমণত ৯ জন লোক নিহত হয়।

Related News