ব্ৰিটেইনৰ আটাইতকৈ ধনী পৰিয়ালটো হৈছে হিন্দুজা পৰিয়াল। তেওঁলোকৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৭ বিলিয়ন ইউৰো বা ভাৰতীয় মুদ্ৰাত ৩৯৩২৩৪.৫২ কোটি টকা!
এই হিন্দুজা পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হৈছে গৃহকৰ্মীক অমানৱীয় ব্যৱহাৰ কৰাৰ অভিযোগ। হিন্দুজা পৰিয়ালৰ চাৰিজন সদস্য – প্ৰকাশ হিন্দুজা, তেওঁৰ পত্নী কমল হিন্দুজা, তেওঁলোকৰ পুত্ৰ অজয় হিন্দুজা আৰু তেওঁৰ পত্নী নম্ৰতা হিন্দুজাৰ বিৰুদ্ধে ছুইজাৰলেণ্ডত মানৱ সৰবৰাহৰ গোচৰত বিচাৰ চলি আছে। শুনানিৰ সময়ত অভিযোগ উত্থাপন হৈছে যে ভাৰতৰ পৰা অনা বনকৰা মানুহতকৈ হিন্দুজা পৰিয়ালে নিজৰ পোহনীয়া কুকুৰৰ বাবে অধিক ধন খৰচ কৰে।
যোৱা সোমবাৰৰ পৰা ছুইজাৰলেণ্ডত আৰম্ভ হৈছে এই মানৱ সৰবৰাহৰ পৰীক্ষা। শুনানিৰ সময়ত চৰকাৰৰ অধিবক্তাই দাবী কৰে যে হিন্দুজা পৰিয়ালে ভাৰতীয় ঘৰুৱা শ্ৰমিকৰ পাছপ’ৰ্ট জব্দ কৰিছিল। ঘৰৰ পৰা হিন্দুসকলে পলায়নৰ কোনো উপায় নাছিল। হিন্দুসকলক অনুমতি অবিহনে ঘৰৰ পৰা ওলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।
ইয়াৰ উপৰিও কৰ্মচাৰীসকলক ভাৰতীয় মুদ্ৰাত দৰমহা দিয়া হৈছিল। ফলত তেওঁলোকৰ হাতত চুইজাৰলেণ্ডৰ মুদ্ৰা নাছিল। সেয়ে সেই দৰে বজাৰ কৰিবলৈ যোৱা বা কৰবালৈ যোৱাৰ স্বাধীনতা নাছিল। কাৰণ তাত ভাৰতীয় মুদ্ৰাৰ প্ৰচলন নহয়।
চৰকাৰৰ অধিবক্তাই দাবী কৰে যে হিন্দুজা পৰিয়ালে তেওঁলোকৰ এজন শ্ৰমিকতকৈ তেওঁলোকৰ পোহনীয়া কুকুৰৰ বাবে অধিক খৰচ কৰে। এগৰাকী মহিলা কৰ্মচাৰীৰ উদাহৰণো আদালতত দাখিল কৰা হয়। তেওঁ দিনটোত ১৫ৰ পৰা ১৮ ঘন্টাকৈ সপ্তাহত ৭ দিনেই কাম কৰিবলগীয়া হৈছিল। তেওঁৰ দৰমহা আছিল ভাৰতীয় মুদ্ৰাত প্ৰতিদিনে ৭০০ টকা। চুইছ মুদ্ৰাত মাত্ৰ ৭ চুইছ ফ্ৰাংক। আনহাতে হিন্দুজা পৰিয়ালে বছৰি কুকুৰৰ বাবে ৮৫৮৪ ছুইছ ফ্ৰাংক অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৯ লাখ টকা খৰচ কৰে।
স্বাভাৱিকতে এই সকলোবোৰ অভিযোগ অস্বীকাৰ কৰিলে হিন্দুজা পৰিয়ালে। তেওঁলোকে দাবী কৰে যে তেওঁলোকে সকলো কৰ্মচাৰীকে যথাযথ মৰ্যাদা আৰু সন্মান দিয়ে।