খুমটাইত একে পৰিয়ালৰে দুই কিশোৰ-কিশোৰীৰ গা-ধুবলৈ গৈ সলিল সমাধি

আজি গোলাঘাট জিলাৰ খুমটাই সমীপৰ গৰিয়াজান চাহ বাগিচাত একে ঘৰৰে দুগৰাকী কিশোৰ-কিশোৰী পুখুৰীত গা-ধুবলৈ গৈ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে খুমটাইৰ সমীপৰ গৰিয়াজান চাহ বাগিচাৰ নিৱাসী প্ৰদীপ তুৰীৰ দুই কিশোৰ-কিশোৰীয়ে আজি দিনৰ প্ৰায় ১১ বজাত লগৰ সমনীয়াৰ সৈতে ঘৰৰ সমীপৰে এটা পুখুৰীত গা-ধুবলৈ গৈছিল।

কিন্তু দুৰ্ভগ্যবশত পুখুৰীত গা-ধুবলৈ যাওঁতেই দুই কিশোৰ-কিশোৰী ক্ৰমে বিশাল তুৰী আৰু সীমা তুৰী সলিল সমাধি ঘটি কৰুণ মৃত্যুক আঁকোৱালি লয়।

আনহাতে এই ঘটনা সম্পৰ্কে স্থানীয় লোকে বহু পলমকৈ অৱগত হোৱাত তাৎক্ষণিকভাৱে কিশোৰ-কিশোৰী দুয়োগৰাকীকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।

ইফালে একেটা পৰিয়ালৰে দুই কিশোৰ-কিশোৰীয়ে এনেদৰে পুখুৰীত গা-ধুবলৈ গৈ কৰুণ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই অঞ্চলটোক এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।