NORTHEAST NOW (Assamese)

হাজোত জঘন্য কাণ্ড : দুগৰাকী কিশোৰীক বিদ্যালয়ৰ পৰাই উঠাই আনি গুৱাহাটীৰ ভাড়াঘৰত যৌন নিৰ্য্যাতন

December 29, 2018 5:17 pm · মৃদুল প্ৰীতম ডেকা
Updated: December 29, 2018 5:22 pm

হাজোৰ দুগৰাকী ১৪ বছৰীয়া কিশোৰীক বিদ্যালয়ৰ পৰা উঠাই আনি গুৱাহাটীৰ ভাৰাঘৰত ৰাখি দুজন যুৱকে যৌন নিৰ্য্যাতন চলোৱাৰ এটা জঘন্য ঘটনা পোহৰলৈ আহিছে। ঘটনাটো পোহৰলৈ অহাৰ পিছতে হাজোৰ ৰামদিয়া অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। ঘটনাটোত ৰামদিয়া আৰক্ষী চকীৰ আৰক্ষীৰ ভূমিকাৰ প্ৰতিও আঙুলি তুলিছে ভুক্তভোগী পৰিয়াল দুটাৰ লোকে।

কিশোৰী দুগৰাকীৰ পৰিয়ালৰ লোকে আজি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে কেইদিন মানৰ পূৰ্বে হাজোৰ তাপাবৰী চৰ বিদ্যালয়ত পৰীক্ষা দিবলৈ যোৱা অৱস্থাৰ পৰা ১৪ বছৰীয়া কিশোৰী দুগৰাকীক স্থানীয় ফকৰউদ্দিন আলী আৰু জামাল উদ্দিন নামৰ লোকে দুজনে উঠাই লৈ যায়। দুয়ো কিশোৰী দুগৰাকীক গুৱাহাটীৰ ভাৰাঘৰলৈ লৈ যায় আৰু কেইবাদিনো ধৰি যৌন নিৰ্য্যাতন চলায়। পৰিয়ালৰ মানুহে তেওঁলোকক গুৱাহাটীত বিচৰা বুলি গম পাই ভাৰাঘৰৰ পৰাও ছোৱালী দুজনীক লৈ পলাই যায় লম্পট যুৱক দুজন।

আনহাতে কিশোৰী দুগৰাকীৰ পৰিয়ালে তেওঁলোকক বিচাৰি অভিযান অব্যাহত ৰখাত কেইদিন মান পিছত কিশোৰী দুগৰাকীক নিশাৰ ভাগত গাঁওবুঢ়াৰ ঘৰত কৌশলেৰে গতাই দিয়ে। জানিব পৰামতে, জামাল উদ্দিনৰ ভায়েকে ছোৱালী দুগৰাকীক গাওঁবুঢ়াৰ ঘৰত গতাই দিয়ে।

আনহাতে তাপাবৰী গাৱঁৰ গাওঁবুঢ়াৰ পুত্ৰ ৰাইফুদ্দিন আলীও এই জঘন্য কাণ্ডটোত জড়িত থকাৰ অভিযোগ আনিছে কিশোৰী দুগৰাকীৰ পৰিয়ালে। ভুক্তভোগীৰ পৰিয়ালৰ লোকে কয় যে গাওঁবুঢ়াৰ পুতেক ৰাইফুদ্দিন আলীয়ে ছোৱালী দুজনীক তেওঁৰ ঘৰৰ পৰা ৰামদিয়া থানাত চমজাই আহিছিল, কিন্তু অভিযুক্ত যুৱক দুজনক পলাই যোৱাৰ সুযোগ দিয়ে।

অভিযুক্তক ধৰিবলৈ এতিয়াও কোনো তৎপৰতা লোৱা নাই ৰামদিয়াৰ আৰক্ষীয়ে। কিশোৰী দুগৰাকীক চমজি লওঁতে পৰিয়ালৰ লোকে আৰক্ষীক যুৱক দুজনকৰ সন্ধান বিচৰাত কয়, “আমি সেই দুটাক ধৰিম নহয়, এই দুটাৰ ভেজালটো মাৰ”।

Related News