• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাজোত জঘন্য কাণ্ড : দুগৰাকী কিশোৰীক বিদ্যালয়ৰ পৰাই উঠাই আনি গুৱাহাটীৰ ভাড়াঘৰত যৌন নিৰ্য্যাতন

NE NOW NEWS মৃদুল প্ৰীতম ডেকা
কামৰূপ , December 29, 2018 5:22 pm

2 min read

Hajo Sexual assault
435
VIEWS
Share on FacebookShare on Twitter

হাজোৰ দুগৰাকী ১৪ বছৰীয়া কিশোৰীক বিদ্যালয়ৰ পৰা উঠাই আনি গুৱাহাটীৰ ভাৰাঘৰত ৰাখি দুজন যুৱকে যৌন নিৰ্য্যাতন চলোৱাৰ এটা জঘন্য ঘটনা পোহৰলৈ আহিছে। ঘটনাটো পোহৰলৈ অহাৰ পিছতে হাজোৰ ৰামদিয়া অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। ঘটনাটোত ৰামদিয়া আৰক্ষী চকীৰ আৰক্ষীৰ ভূমিকাৰ প্ৰতিও আঙুলি তুলিছে ভুক্তভোগী পৰিয়াল দুটাৰ লোকে।

কিশোৰী দুগৰাকীৰ পৰিয়ালৰ লোকে আজি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে কেইদিন মানৰ পূৰ্বে হাজোৰ তাপাবৰী চৰ বিদ্যালয়ত পৰীক্ষা দিবলৈ যোৱা অৱস্থাৰ পৰা ১৪ বছৰীয়া কিশোৰী দুগৰাকীক স্থানীয় ফকৰউদ্দিন আলী আৰু জামাল উদ্দিন নামৰ লোকে দুজনে উঠাই লৈ যায়। দুয়ো কিশোৰী দুগৰাকীক গুৱাহাটীৰ ভাৰাঘৰলৈ লৈ যায় আৰু কেইবাদিনো ধৰি যৌন নিৰ্য্যাতন চলায়। পৰিয়ালৰ মানুহে তেওঁলোকক গুৱাহাটীত বিচৰা বুলি গম পাই ভাৰাঘৰৰ পৰাও ছোৱালী দুজনীক লৈ পলাই যায় লম্পট যুৱক দুজন।

আনহাতে কিশোৰী দুগৰাকীৰ পৰিয়ালে তেওঁলোকক বিচাৰি অভিযান অব্যাহত ৰখাত কেইদিন মান পিছত কিশোৰী দুগৰাকীক নিশাৰ ভাগত গাঁওবুঢ়াৰ ঘৰত কৌশলেৰে গতাই দিয়ে। জানিব পৰামতে, জামাল উদ্দিনৰ ভায়েকে ছোৱালী দুগৰাকীক গাওঁবুঢ়াৰ ঘৰত গতাই দিয়ে।

আনহাতে তাপাবৰী গাৱঁৰ গাওঁবুঢ়াৰ পুত্ৰ ৰাইফুদ্দিন আলীও এই জঘন্য কাণ্ডটোত জড়িত থকাৰ অভিযোগ আনিছে কিশোৰী দুগৰাকীৰ পৰিয়ালে। ভুক্তভোগীৰ পৰিয়ালৰ লোকে কয় যে গাওঁবুঢ়াৰ পুতেক ৰাইফুদ্দিন আলীয়ে ছোৱালী দুজনীক তেওঁৰ ঘৰৰ পৰা ৰামদিয়া থানাত চমজাই আহিছিল, কিন্তু অভিযুক্ত যুৱক দুজনক পলাই যোৱাৰ সুযোগ দিয়ে।

অভিযুক্তক ধৰিবলৈ এতিয়াও কোনো তৎপৰতা লোৱা নাই ৰামদিয়াৰ আৰক্ষীয়ে। কিশোৰী দুগৰাকীক চমজি লওঁতে পৰিয়ালৰ লোকে আৰক্ষীক যুৱক দুজনকৰ সন্ধান বিচৰাত কয়, “আমি সেই দুটাক ধৰিম নহয়, এই দুটাৰ ভেজালটো মাৰ”।

Recent News

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd