গণধৰ্ষণৰ বলি দুই নাবালিকা : বিহ পান কৰি এগৰাকীৰ আত্মহত্যা, আন গৰাকী চিকিৎসাধীন

gangrape-1515750718-784x441

৭ যুৱকৰ বিকৃত কামনাৰ বলি হোৱা দুগৰাকী নাবালিকাই বিহ পান কৰি আত্মহত্যাৰ চেষ্টা চলায়।

ইয়াৰে এগৰাকী নাবালিকাৰ মৃত্যু হৈছে আৰু আন গৰাকী চিকিৎসাধীন হৈ আছে।

ঘটনাৰ বিৱৰণীৰ মতে, পশ্চিমবংগৰ জলপাইগুৰিৰ ৰায়গঞ্জৰ সন্যাসীকটা অঞ্চলৰ বাসিন্দা দুই নাবালিকাক ৭ জন যুৱকে বলপূৰ্বকভাৱে উঠাই নি ধৰ্ষণ কৰে।

ইয়াৰ পিছতে ধৰ্ষণৰ বলি হোৱা দুই নাবালিকাই বিহ পান কৰি আত্মহত্যাৰ চেষ্টা কৰে।

নাবালিকা দুগৰাকীয়ে বিহ পান কৰাৰ কথা জানিব পাৰি ততালিকে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসালয়তে এগৰাকী নাবালিকাৰ মৃত্যু হয় আৰু আনগৰাকী চিকিৎসাধীন হৈ আছে। চিকিৎসকৰ মতে চিকিৎসাধীন আন গৰাকী নাবালিকাৰ স্বাস্থ্য অতি সংকটজনক।

ঘটনাটোৰ বিষয়ে জানিব পাৰিয়ে নাবালিকা দুগৰাকীৰ পৰিয়ালে ৰায়গঞ্জ আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত ৰায়গঞ্জ আৰক্ষীয়ে ৫ যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। দুজন বৰ্তমানো পলাতক বুলি জানিব পৰা গৈছে।

৭ ধৰ্ষণকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে ধৰ্ষণ আৰু আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰাৰ অভিযোগত গুচৰ ৰুজু কৰিছে। স্থানীয় লোকে অভিযুক্তসকলৰ কঠোৰতম শাস্তিৰ দাবী কৰিছে।