গুৱাহাটীৰ জালুকবাৰী অঞ্চলৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক অপহৰণ কৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে চাৰিজন ব্যক্তিৰ বিৰুদ্ধে।
খবৰ অনুসৰি যোৱা ১ জানুৱাৰীত জালুকবাৰীৰ কৈলাশপুৰৰ পৰা চাৰিজন ব্যক্তিয়ে কিশোৰীগৰাকীক অপহৰণ কৰি ওচৰৰ হোটেললৈ লৈ যায়, য’ত যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে।
অভিযুক্ত সুন্দৰবড়ীৰ বাসিন্দা বুলি জানিব পৰা গৈছে। পিছত কিশোৰীগৰাকীক তেওঁৰ বাসগৃহৰ সমীপতে এৰি থৈ যায়।
কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ পিছত পৰিয়ালে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। তাৰ পিছতে জালুকবাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
নাবালক হিচাপে চিনাক্ত অভিযুক্ত দুজনক আৰক্ষীয়ে আটক কৰি ৰখাৰ বিপৰীতে বাকী দুজন এতিয়াও পলাতক হৈ আছে।
আৰক্ষীয়ে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে।