NORTHEAST NOW (Assamese)

গাঞ্জাসহ গুৱাহাটী ৰেইলৱে আৰক্ষীৰ জালত বিহাৰৰ দুজন লোক

November 12, 2019 2:30 pm · কল্পজ্যোতি শইকীয়া
Updated: November 12, 2019 4:08 pm
ফটো : নৰ্থ-ইষ্ট নাও

আজি গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত গাঞ্জাসহ দুজন বহিঃ ৰাজ্যৰ লোকক ৰেইলৱে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

ধৃত লোক দুজনৰ নাম সঞ্জয় মণ্ডল (৪২) আৰু নৰেশ মণ্ডল (২৬) বুলি চিনাক্ত কৰা হৈছে। দুয়োজন বিহাৰৰ ভগলপুৰ জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

ৰেইলৱে আৰক্ষীয়ে মঙলবাৰে পুৱা প্ৰায়  ১০.৩০ মান বজাত ২০৫০১ নম্বৰৰ আগৰতলা আনন্দ বিহাৰ এক্সপ্ৰেছত তালাচী চলাই ১০ কেজি গাঞ্জাসহ লোক দুজনক গ্ৰেপ্তাৰ কৰে।

লোক দুজনে গাঞ্জাখিনি আগৰতলাৰ পৰা বিহাৰলৈ সৰবৰাহ কৰাৰ কথা আছিল বুলি আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

ইফালে ৰেইলৱে আৰক্ষীয়ে লোক দুজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বুলিও জানিবলৈ দিয়ে।

উল্লেখ্য যে ৰেইলৱে আৰক্ষীৰ সতৰ্কতাৰ বাবেই এনেদৰে ষ্টেশ্যনৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জাৰ লগতে নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হৈছে।

Related News