ধুবুৰীত দুমহীয়া শিশু ক’ৰ’না আক্ৰান্ত; মাতৃৰ সৈতে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ আইছ’লেশ্যন ৱাৰ্ডত চিকিৎসাধীন

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ধুবুৰীত এগৰাকী দুমহীয়া শিশুৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। সোমবাৰে অহা টেষ্টৰ ফলাফলত শিশুটিৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰে।

সোমবাৰে ধুবুৰীত ক’ৰ’না আক্ৰান্ত দুমহীয়া শিশুটিৰ উপৰিও অন্য দুজন লোকৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰে।

ধুবুৰী জিলাত বৰ্তমানলৈ ৫২ গৰাকী লোক ক’ৰ’না আক্ৰন্ত হৈছে ইয়াৰে ভিতৰত এতিয়ালৈ পাঁচগৰাকী লোকে আৰোগ্য লাভ কৰি হোম কোৱাৰেণ্টাইনত আছে।

ক’ৰ’না আক্ৰান্ত দুমহীয়া শিশুটি বীৰসিং চৰ অঞ্চলৰ বুলি জানিব পৰা গৈছে।

‘‘ধুবুৰী অসামৰিক চিকিৎসালয়ৰ কোভিড-১৯ আইছ’লেশ্যন কেন্দ্ৰত মাতৃৰ সৈতে দুমহীয়া ক’ৰ’না আক্ৰান্ত শিশুটিক ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে,’’ এগৰাকী চিকিৎসা বিষয়াই জনায়।

উল্লেখযোগ্য যে, মুম্বাইত কিছুদিন পূৰ্বে এগৰাকী ডেৰ মহীয়া শিশু ক’ৰ’নাৰ পৰা সম্পূৰ্ণ আৰোগ্য হৈ উঠিছিল।

ধুবুৰীৰ ক’ৰ’না আক্ৰান্ত দুমহীয়া শিশুটি সম্পূৰ্ণ সুস্থ হৈ উঠিলে ৰাজ্যৰ চিকিৎসা কৰ্মীসকলে ক’ৰ’নাৰ বিৰুদ্ধে যুদ্ধখনত যুঁজাৰ বাবে অধিক মনোবল লাভ কৰিব।