ত্ৰিপুৰাত পুনৰ দুগৰাকী বিজেপি বিধায়ক ক’ৰ’না প’জিটিভ

Covid19..-1140x570

ত্ৰিপুৰাত পুনৰ দুগৰাকী বিজেপিৰ বিধায়ক ক’ৰ’না প’জিটিভ হৈছে বুলি ৰাজ্যখনৰ স্বাস্থ্য বিভাগে সদৰী কৰিছে।

নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা বিজেপিৰ বিধায়ক দুগৰাকী হ’ল ক্ৰমে- তেলীয়ামুৰা সমষ্টিৰ কল্যাণী ৰয় আৰু ফাটিকৰয় সমষ্টিৰ সুধাংশু দাস।

বৰ্তমানলৈ ত্ৰিপুৰাৰ মুঠ সাত গৰাকী বিধায়ক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

ইয়াৰ পূৰ্বে বিজেপিৰ ৰাজ্যিক উপ-সভাপতি বিধায়ক ৰাম পাণ্ডা জামাতীয়া, আই পি এফ টি বিধায়ক ধনঞ্জয় ত্ৰিপুৰা, বিজেপি বিধায়ক মিমি মজুমদাৰ আৰু আশিষ কুমাৰ সাহা ক’ৰ’না প’জিটিভ হৈছিল।

এইসকল বিধায়কৰ ভিতৰত ৰাম পাণ্ডা জামাতীয়া আৰু ধনঞ্জয় ত্ৰিপুৰা চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে।

বৰ্তমান মিমি মজুমদাৰ, আশিষ কুমাৰ চাহাকে ধৰি অন্যান্য বিধায়ক সকলক চিকিৎসা প্ৰদান কৰি থকা হৈছে।