NORTHEAST NOW (Assamese)

অসমত পুনৰ দুগৰাকী কোভিড আক্ৰান্তৰ মৃত্যু; মৃতকৰ সংখ্যা ৮৮ গৰাকীলৈ বৃদ্ধি

July 28, 2020 9:56 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত পুনৰ দুগৰাকী লোকে মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে।

আজি মৃত্যু হোৱা লোক দুগৰাকী হৈছে কামৰূপ মহানগৰ জিলাৰ ডুলু ৰাণী সৰকাৰ(৭০) আৰু হেমন্ত বুঢ়াগোঁহাঞি(৫০)।

দুয়োগৰাকী ৰোগীৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত মৃত্যু হয়।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

”অতি দুখেৰে আপোনালোকক অৱগত কৰিব খুজিছো যে কামৰূপ(ম)ৰ শ্ৰীমতী ডুলু ৰাণী সৰকাৰ (৭০) আৰু শ্ৰী হেমন্ত বুঢ়াগোঁহাঞি (৫০)নামৰ কোভিড-১৯ ৰোগী দুগৰাকীৰ সংক্ৰমণজনিত কাৰণত আজি দুৰ্ভাগ্যজনকভাৱে বিয়োগ ঘটিছে ৷ তেওঁলোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷

প্ৰয়াত ব্যক্তি দুগৰাকীৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁলোকৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ,” হিমন্ত বিশ্ব শৰ্মাই এইদৰে টুইট কৰে।

উল্লেখযোগ্য যে, আজি মৃত্যু হোৱা লোক দুগৰাকীৰ সৈতে অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৮ গৰাকীলৈ বৃদ্ধি পালে।

অসমত এই পৰ্যন্ত ৩৩,০০০ কৈ অধিক লোক ক’ৰ’না সংক্ৰমিত হোৱাৰ বিপৰীতে চিকিৎসাৰ অন্তত ২৫০০০ কৈ অধিক লোক আৰোগ্য হৈ উঠিছে।

 

Related News