‘ঐক্য, শান্তি, প্ৰগতি’ৰ দল অগপৰ নেতৃত্বই নিলম্বন কৰিলে আৰু দুজন সতীৰ্থক

মিত্ৰতাৰ বিৰোধ কৰা সতীৰ্থৰ বিৰুদ্ধে দমনমূলক নীতি অব্যাহত অগপ নেতৃত্বৰ

AGP_Office

দমনমূলক নীতি অব্যাহত ৰাখি আঞ্চলিক দল অসম গণ পৰিষদৰ নেতৃত্বই দলটোৰ আৰু দুজন কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্যক নিলম্বন কৰিছে। আজি দলৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতা স্বাক্ষৰিত পত্ৰ যোগে কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য ক্ৰমে হৰেশ ভূঞা আৰু নীৰেন শৰ্মাক নিলম্বন কৰা হয়।

দুয়োজনকে কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য পদৰ পৰা তাৎক্ষণিকভাৱে অব্যাহতি দিয়াৰ লগতে এবছৰৰ বাবে দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও নিলম্বন কৰা হয়।

”আপুনি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত বিৰুদ্ধে গৈ দলীয় অনুশাসন (‘অনুশালন’ বুলি ছপা হৈছে) আৰু শৃংখলা ভংগ কৰাটো দৃষ্টিগোচৰ হৈছে। এই কাৰ্য্য দলৰ সংবিধানৰ পৰিপন্থী। আৰু ইয়াক দল বিৰোধী কাৰ্য্য হিচাপে গণ্য কৰা হৈছে। সেয়েহে দলৰ মাননীয় সভাপতিৰ নিৰ্দেশমৰ্মে তাৎক্ষণিকভাৱে আপোনাক দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য পদৰ পৰা অব্যাহতি দিয়াৰ লগতে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা এবছৰৰ বাবে নিলম্বন কৰা হ’ল”, দুয়োজনলৈ লিখা পত্ৰ দুখনত এইদৰে কোৱা হৈছে। দুয়োখন পত্ৰ দুদিন পূৰ্বে আন এজন কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য প্ৰণৱ গোস্বামীলৈ প্ৰেৰণ কৰা পত্ৰৰ অনুৰূপ।

জানিব পৰামতে যোৱা ১৫ মাৰ্চত যোৰহাটত অগপৰ কাৰ্য্যালয়ৰ সন্মুখত নেতৃত্বৰ সিদ্ধান্তৰ বিৰুদ্ধে শতাধিক কৰ্মী-সমৰ্থক লৈ প্ৰতিবাদ কৰিছিল দুয়োজনে। প্ৰতিবাদী কৰ্মী-সমৰ্থকে কাৰ্য্যালয় চৌহদত থকা অগপৰ তিনিজন মন্ত্ৰী ক্ৰমে, অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ ফটো, বেনাৰ ছিঙি-ভাঙি লণ্ড-ভণ্ড কৰিছিল। তিনিওজন মন্ত্ৰীৰ বিৰুদ্ধে ক্ষমতাৰ লালসাত বিজেপিৰ সৈতে মিত্ৰতা কৰা বুলি অভিযোগ আনিছিল প্ৰতিবাদকাৰীসকলে।

উল্লেখযোগ্য যে আঞ্চলিক দলটোৰ মুষ্টিমেয় দুজনমান নেতাই লোৱা পুনৰ মিত্ৰতাৰ সিদ্ধান্তৰ পিছত কেইবাজনো নেতাই দলটো ত্যাগ কৰিছে। আন বহুতেই দলৰ মজিয়াত থাকিয়েই দলৰ নেতৃত্বক সমালোচনা কৰিছে। দলৰ ভিতৰত হোৱা এনে বিদ্ৰোহৰ জোৰ কমাবলৈ শীৰ্ষ নেতৃত্বই দমনমূলক নীতি লৈ এইদৰে নিলম্বনৰ অভিযান চলাইছে।