চেতনা ঘূৰিছে লাহে লাহে; নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে শাসক পক্ষৰ আৰু দুজন বিধায়ক

citizenship-amendment-bill

প্ৰতিনিধিত্বমূলক ছবি

বিতৰ্কিত আৰু অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে দল-চৰকাৰৰ ভিতৰত অকলেই দৃঢ়তাৰে থিয় দি থকা বিজেপিৰ বিধায়ক অতুল বৰা এতিয়া আৰু অকলশৰীয়া নহয়। শেহতীয়াকৈ আন দুজন শাসকপক্ষৰ বিধায়কে তেওঁৰ সৈতে যোগ দিছে এই বিৰোধিতাত। চৰকাৰী পক্ষৰ বিধায়কৰ এই মানসিক পৰিৱৰ্তনে আশাৰ ৰেঙনি আনিছে বিধেয়কখনৰ বিৰোধিতাত সংগ্ৰাম অব্যাহত ৰখা দল-সংগঠনলৈ।

উল্লেখযোগ্য যে বিধেয়কখনৰ বিৰোধিতাত জনপ্ৰতিনিধিৰ সমৰ্থন বিচাৰি প্ৰতিজন বিধায়ক-মন্ত্ৰীক ব্যক্তিগতভাৱে লগ কৰাৰ কাৰ্য্যসূচী চলাই আছে সদৌ অসম ছাত্ৰ সন্থা আৰু ২৬টা জনগোষ্ঠীয় সংগঠনে।

এই কাৰ্য্যসূচীৰ অংশস্বৰূপে ১৪ নৱেম্বৰত আছুৰ কামৰূপ জিলাৰ প্ৰতিনিধিয়ে পলাশবাৰী সমষ্টিৰ বিজেপিৰ বিধায়ক প্ৰণৱ কলিতাক সাক্ষাৎ কৰে। সাক্ষাৎকালত বিধায়কজনে বিধেয়কখনৰ বিৰুদ্ধে থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰতিনিধিসকলক।

“অসমৰ খিলঞ্জীয়া জনতাৰ অপকাৰ হ’ব পৰা কোনো পদক্ষেপত কেতিয়াও সহযোগ নকৰো।” আছুৰ প্ৰতিনিধিকেইজনৰ আগত এইদৰে কয় বিধায়কজনে।

আনহাতে, ১৪ নৱেম্বৰতে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই তেজপুৰ সমষ্টিৰ অগপৰ বিধায়ক বৃন্দাবন গোস্বামীক সাক্ষাৎ কৰে। আছুৰ প্ৰতিনিধিকেইজনৰ আগত গোস্বামীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনক স্পষ্ট ভাষাৰে জাতিধ্বংসী বিধেয়ক আখ্যা দিয়ে।

“নাগৰিকত্ব সংশোধনী বিধেয়ক এখন জাতিধ্বংসী বিধেয়ক। এই বিধেয়ক অসমবাসীৰ আৱেগ-অনুভূতিৰ পৰিপন্থী। এনে এখন বিধেয়কৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ নকৰো।” এইদৰে কয় গোস্বামীয়ে।

তেওঁ আছুৰ এই আন্দোলনলৈ পূৰ্ণ সমৰ্থন থকা বুলিও কয়। বিধেয়কখনৰ বিৰুদ্ধে জাতি-বৰ্ণ-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো অসমীয়াই মাৰবান্ধি থিয় দিব লাগে বুলিও মতপোষণ কৰে গোস্বামীয়ে।

মন কৰিব লগীয়া যে চৰকাৰৰ অংশীদাৰ অগপ দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে যদিও প্ৰধান দল বিজেপিয়ে বিধেয়কখনৰ সমৰ্থন কৰি আহিছে। কিন্তু দলটোৰ দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই দলৰ বিপৰীতে গৈ বিধেয়কখনৰ বিৰুদ্ধে অনমনীয় স্থিতি প্ৰকাশ কৰি আহিছে। আনহাতে দলটোৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়েও বিধেয়কখনৰ বিৰোধিতাত ছেগা-চোৰোকাকৈ মাত দি আহিছে। কিন্তু শেহতীয়াকৈ এই দুই কণ্ঠত যোগ হ’ল দলটোৰ আন এজন বিধায়ক প্ৰণৱ কলিতাৰ ৰূপত।