NORTHEAST NOW (Assamese)

ব্ৰিটেইনত কোভিডৰ এক্সবিবি আৰু বিকিউ.১-নামৰ দুটা নতুন প্ৰজাতি, বহু লোক আক্ৰান্ত

October 30, 2022 2:57 pm · এন ই নাও নিউজ,গুৱাহাটী

২০২০ চনত কোভিডে সংহাৰৰ সৃষ্টি কৰা ব্ৰিটেইনত কোভিডৰ এক্সবিবি আৰু বিকিউ.১-নামৰ দুটা নতুন প্ৰজাতিত আক্ৰান্ত হৈছে বহু লোক। ৭০০ জনৰো অধিক লোক নতুনভািরাছ প্ৰজাতিত সংক্ৰমিত হোৱাৰ খবৰ আহিছে।

বিজ্ঞানীসকলে প্ৰকাশ কৰা নতুন প্ৰজাতি দুবিধে মানুহৰ ৰোগ প্ৰতিৰোধ প্ৰণালীক শক্তিহীন কৰি তোলে । আনকি কোনো ভেকছিনেও কাম নকৰে।
ভাইৰাছবিধকলৈ অধ্যয়ন কৰি থকা বাছেল বিশ্ববিদ্যালয়ৰ গৱেষক সকলেও এই প্ৰজাতি দুটাক লৈ চিন্তা ব্যক্ত কৰিছে।

জীৱবিজ্ঞানী কৰ্ণেলিয়াছ ৰোমাৰে কয়, “আমি এই মুহূৰ্তত যি ধৰণৰ কৰোনা প্ৰজাতিৰ বিষয়ে অধ্যয়ন কৰি আছোঁ, সেয়া আগৰ তুলনাত একেবাৰে বেলেগ দেখা গৈছে।”

ইপিনে অমিক্ৰনৰ নতুন প্ৰজাতি ধৰা পৰাৰ পিছতেভাৰততো পুনৰ কোভিডে সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে বুলি আশংকাৰ সৃষ্টি হৈছে। শেহতীয়াকৈ ভাৰতত অমিক্ৰনৰ নতুন উপ-প্ৰকাৰ বি.এ.৫.১.৭ আৰু বি.এফ.৭ ধৰা পৰাৰ পিছতে স্বাস্থ্য বিজ্ঞানীসকল অধিক চিন্তিত হৈ পৰিছে।

এই উপ-প্ৰকাৰসমূহ অতি সংক্ৰামক বুলি প্ৰমাণিত হৈছে আৰু চীনৰ মঙ্গোলিয়া অঞ্চলৰ পৰা বিয়পি পৰাৰ পিছত অধিক শক্তিশালী হৈ উঠিছে বুলি বিজ্ঞানীসকলে কৈছে। এনে উপ-প্ৰকাৰবোৰে এতিয়া পৃথিৱীৰ আন প্ৰান্ততো বিয়পি পৰিছে আৰু ইয়াৰ ফলতে কোভিড সংক্ৰমণৰ এক নতুন ঢৌ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে।

শেহতীয়াকৈ গুজৰাট জৈৱ প্ৰযুক্তি গৱেষণা কেন্দ্ৰই ভাৰতত বিএফ.৭-ৰ প্ৰথম সংক্ৰমণৰ ঘটনা চিনাক্ত কৰিছে। ভেকছিনৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাকো হাৰ মনাব পৰা এইবিধ প্ৰজাতিয়ে সেয়ে সংহাৰৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে।

Related News