বোকাখাতত যাত্ৰীৰ কোভিড পৰীক্ষা; দুজনৰ শৰীৰত ধৰা পৰে কোভিড-১৯ৰ সংক্ৰমণ

IMG_20210421_191623

ফটো: নৰ্থইষ্ট নাও।

ৰাজ্যত চলি আছে কোভিড-১৯ৰ ভয়াবহ সংক্ৰমণ ৷ এনে পটভূমিত বুধবাৰৰ দিনা বোকাখাতৰ ৰাজ্যিক পৰিবহন নিগম আস্থানত যাত্ৰীৰ পৰীক্ষা কৰাৰ বাবে স্থাপন কৰা কোভিড পৰীক্ষণ কেন্দ্ৰত দুজন যাত্ৰীৰ শৰীৰত কোভিড সংক্ৰমণ ধৰা পৰে৷

গুৱাহাটীৰপৰা তিনিচুকীয়ালৈ বুলি অহা এএছ২৯/ ১৫৯৮নম্বৰৰ যাত্ৰীবাহী বাছখনত অহা পিংকু দেৱ আৰু পৰিস্মিতা শইকীয়াৰ শৰীৰত কোভিডৰ সংক্ৰমণ ধৰা পৰে৷

পিংকু দেৱ শিলচৰৰ পৰা ডিব্ৰুগলৈ আৰু পৰিস্মিতা শইকীয়া গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ বুলি উক্ত বাছৰ যাত্ৰী হৈ আহিছিল৷

সম্প্ৰতি দুয়োজনকে বোকাখাত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। যাত্ৰীৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰাৰ পাছত বোকাখাতত চাঞ্চল্যৰ সৃষ্টি হয়।

ইপিনে বুধবাৰৰ দিনা বোকাখাতত মুঠ ৩ জনৰ শৰীৰত কভিডৰ সংক্ৰমণ পোৱা হয় ৷ বুধবাৰে বোকাখাতত মুঠ ৫৬২ জন ব্যক্তিৰ ৰেপিড এন্টিজেন টেষ্ট আৰু ৮ জন ব্যক্তিৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় ৷

ইয়াৰে ৩ জনৰ শৰীৰত কোভিডৰ সক্ৰমণ পোৱা হয় ৷ ইয়াকে লৈ এতিয়ালৈকে বোকাখাতত মুঠ ২৫ জন লোকৰ শৰীৰত কোভিড সংক্ৰমণ পোৱা গৈছে বুলি মহকুমা চিকিৎসা বিভাগৰ তথ্যত প্ৰকাশ পাইছে ৷