NORTHEAST NOW (Assamese)

শিৱসাগৰৰ দুজন ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড-১৯পজিটিভ; আক্ৰান্তৰ সংখ্যা ২১৪জনলৈ বৃদ্ধি

May 22, 2020 11:49 am · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক ফটো

আজিৰ দিনটোত চাৰিগৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

এইবাৰ যোৰহাট কোৱাৰেন্টাইন চেণ্টাৰত দুগৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

লোকদুজন শিৱসাগৰ জিলাৰ বুলি উল্লেখ কৰিছে কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কিছু সময় পূৰ্বে তেজপুৰ বিশ্ববিদ্যালয়ৰ কোৱাৰেন্টাইন চেণ্টাৰত ধৰা পৰিছিল দুটা কেচ। তাত আক্ৰান্ত কেইগৰাকীৰ এগৰাকী ঢকুৱাখনা আৰু এগৰাকী ওদালগুৰিৰ।

ৰাজ্যত ২১৪ গৰাকীলৈ বৃদ্ধি পালে কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা।

বৰ্তমান ১৫৩ গৰাকী লোক এই কৰনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৫৪ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

কালিৰ দিনটোতে ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

কালি নিশা তেজপুৰ বিশ্ববিদ্যালয়ৰ কোৱাৰেন্টাইন চেণ্টাৰৰ সাতগৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল। আক্ৰান্ত সকলৰ ৫ গৰাকী শোণিতপুৰ জিলাৰ আৰু দুগৰাকী লখিমপুৰ জিলাৰ।

ৰাজ্যত চাৰি দিনৰ ভিতৰত শতাধিক লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।

পৰহি দিনটোত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১৬৩ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Related News