NORTHEAST NOW (Assamese)

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

May 19, 2022 1:25 pm · তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
প্ৰতিনিধিত্বমূলক ছবি

মানুহৰ হঠকাৰিতাৰ বাবেই ক্ৰমাৎ অস্তিত্ব বিপন্ন হোৱা কেটেলা পহু, বনৰৌ, কেকো সাপ আদি প্ৰাণীসমূহ নিচ্ছিন্ন হোৱাৰ পৰিণতিত চাপৰ-শালকোচা অঞ্চলৰ চহকী জৈৱ বিচিত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে।

শালকোচা আৰক্ষীয়ে আৰক্ষী চকীৰ সন্মুখতে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে দুজন বাইক আৰোহীৰ পৰা দুটা দুষ্প্ৰাপ্য কেটেলা পহু মৃত অৱস্থাত উদ্ধাৰ কৰে।

লগতে আৰক্ষীয়ে চোৰাং চিকাৰী ক্ৰমে মনো মুছাহাৰী(৩৭, মুথুপাৰা, কোকৰাঝাৰ) আৰু একে গাঁৱৰে কাৰ্তিক মুছাহাৰী(৩১)ক আটক কৰে।

উল্লেখ্য যে চোৰাং চিকাৰী দুটাই কেটেলা পহুহাল বধ কৰি মটৰ চাইকেলেৰে বিলাসীপাৰাত বিক্ৰী কৰিবলৈ গৈ থকাৰ সময়তে আৰক্ষীৰ জালত পৰে। অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈ চোৰাং চিকাৰীদ্বয়ে কেটেলা পহুদুটাৰ দেহৰ কাঁইটসমূহ উভালি নিয়ে।

ইতিমধ্যে আৰক্ষীয়ে মৃত কেটেলা পহু দুটা বন বিভাগক চমজাই দিছে বুলি চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিয়ে জানিবলৈ দিছে ।

Related News