বাংলাদেশত ইছলামিক ষ্টেটৰ কূটাঘাতত দুগৰাকী আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত

ISIS militatnt group

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বাংলাদেশৰ ৰাজধানী ঢাকাত ইছলামিক সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছৰ আক্ৰমণত দুগৰাকী আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে, পদদলঙৰ পৰা সন্ত্ৰাসবাদীয়ে দলিওৱা বোমাৰ বিস্ফোৰণ ঘটি আৰক্ষী জোৱান দুগৰাকী আঘাতপ্ৰাপ্ত হয়।

আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, সেই অঞ্চলটোৰ মাজেৰে মন্ত্ৰীৰ কনভয় পাৰ হৈ যোৱাৰ সময়তে সন্ত্ৰাসবাদীয়ে কনভয়লৈ লক্ষ্য কৰি বোমাটো নিক্ষেপ কৰে আৰু ইয়াৰ বিস্ফোৰণত আৰক্ষী জোৱান দুগৰাকী আঘাতপ্ৰাপ্ত হয়।

আনহাতে, বাংলাদশৰ গ্ৰামোন্নয়ন মন্ত্ৰী তেজুল ইছলামৰ বিস্ফোৰণটোৰ ফলত কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱা নায়।

উগ্ৰপন্থী সংগঠন ইছলামিক ষ্টেটে বাংলাদেশত সংঘটিত কৰা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে।

বাংলাদেশৰ গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীয়ে বোৰ্ডাৰ গাৰ্ড বাংলাদেশৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত ছয়জনীয়া এটা সুৰক্ষা বাহিনীৰ দলে মন্ত্ৰী গৰাকীক সুৰক্ষা দি আছিল বুলি আঘাতপ্ৰাপ্ত আৰক্ষী উপ-পৰিদৰ্শক এ বি চাহাবুদ্দিনে জানিবলৈ দিয়ে।

‘‘ছায়েঞ্চ লেব ইণ্টাৰেকশ্যনৰ ওচৰত আমাৰ কনভয়টো যান-জটৰ সন্মুখিন হৈছিল আৰু আমি দুগৰাকী আৰক্ষীয়ে স্থানীয় যান-বাহন আৰক্ষীক কনভয়ৰ বাট মুকলি কৰি দিবলৈ কবলৈ গৈ উভতি অহাৰ সময়তে বোমাটো বিস্ফোৰণ ঘটে’’-চাহাবুদ্দিনে কয়।

চাহাবুদ্দিনৰ উপৰিও আমিনুল ইছলাম নামৰ আন এগৰাকী যান-বাহন আৰক্ষী বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

বিস্ফোৰণত চাহাবুদ্দিনে ভৰি আৰু মুৰত আঘাত পোৱাৰ বিপৰীতে আমিনুলে ৰাজহাড়ত আঘাত পায়।

আঘাতপ্ৰাপ্ত দুয়োগৰাকী আৰক্ষী জোৱানক ঢাকা চিকিৎসা মহাবিদ্যালয় ভৰ্তি কৰোৱা হয়।

ঢাকা আৰক্ষীয়ে বৰ্তমান সমগ্ৰ ঘটনাটোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে আৰু আক্ৰমণকাৰীক কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।