দুধনৈত এইবাৰ বঙহৰ যুঁজ! বিজেপিয়ে যুঁজিব নিজৰেই একালৰ মিত্ৰৰ বিৰুদ্ধে

a mann

ৰাজনীতি মানেই যেন অভিযোগ প্ৰতি অভিযোগ, নিৰ্বাচনৰ আগে আগে যেন চুড়ান্ত ৰূপ লয় বাক্যবাণৰ যুঁজ খনে ৷ দুধনৈত এইবেলি দেখিবলৈ পোৱা যাব এসময়ৰ সতীৰ্থ আৰু এতিয়া দুটা বিপৰীত মেৰুত অৱস্থান কৰা দুই ৰাভা যুৱ নেতাৰ মাজত নিৰ্বাচনী যুঁজ। এগৰাকী বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী, আনগৰাকী বৰ্তমানৰ বিজেপি বিধায়ক। নিজ নিজ শক্তি প্ৰদৰ্শনৰ লগতে দুয়োজনৰে মাজত আৰম্ভ হৈছে তীব্ৰ বাক্যবাণৰ ৰাজনীতি ৷

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ৰাভা হাছং যৌথ সংগ্ৰাম আৰু বিজেপি মিত্ৰদলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ দুধনৈ সমষ্টিত অভিলেখ সংখ্যক ভোট লাভ কৰি বিধায়ক হৈছিল দীপক কুমাৰ ৰাভা ৷কৃষ্ণাই

সময় গতিশীল, সময় পৰিৱৰ্তনশীল, এসময়ৰ ৰাভা জাতীয় সংগঠনত একেলগে থাকি জাতিৰ হকে মাত মতা দুই ৰাভা যুৱ নেতা এতিয়া সমুখ সমৰত ৷ এজনে আনজনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব নিৰ্বাচনত। বিজেপি দলৰ টিকট লাভৰ পৰা বঞ্চিত হোৱা বৰ্তমানৰ বিজেপি বিধায়ক দীপক কুমাৰ ৰাভাই নিৰ্দলীয় হিচাবে কৰিব প্ৰতিদ্বন্দ্বিতা , তাৰ বিপৰীতে যৌথ সংগ্ৰাম আৰু বিজেপি মিত্ৰজোঁটৰ হৈ নিৰ্বাচন খেলিব নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শ্যামজিৎ ৰাভা ৷

যোৱা ১৮ মাৰ্চত ঢোলেদগৰে সহস্ৰাধিক সমৰ্থকক লগত লৈ শ্যামজিৎ ৰাভাই দাখিল কৰে মনোনয়নপত্ৰ ৷ তাৰ ঠিক এদিন পিচতে দীপক কুমাৰ ৰাভায়েও শক্তি প্ৰদৰ্শন কৰি নিজ বাসগৃহৰ পৰা শতাধিক বাহনেৰে সহস্ৰাধিক সমৰ্থকক লগত লৈ দুধনৈ চহৰৰ মাজ মজিয়াৰে মনোনয়নপত্ৰ জমা দিয়ে ৷

দলীয় টিকৰ পৰা বঞ্চিত হোৱা দীপক কুমাৰ ৰাভাই কয় যে, ৰাইজে মোৰ হাইকামাণ্ড, গতিকে ৰাইজে বিচাৰিছে নিৰ্বাচন খেলাটো, যাৰ বাবে মই পুনৰ এবাৰ নিৰ্বাচন খেলিবলৈ ওলাইছোঁ, দলক যথেষ্ট সন্মান কৰোঁ কিন্তু বিজেপি দলে হয়তো মোৰ জনপ্ৰিয়তা অনুধাৱন কৰিব নোৱাৰিলে আৰু মোক টিকট নিদিলে- এই মন্তব্য বৰ্তমানৰ বিজেপি বিধায়ক দীপক ৰাভাৰ ৷

ইয়াৰ উপৰিও বিজেপি প্ৰাৰ্থী শ্যামজিৎ ৰাভাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দীপক ৰাভাই, তেওঁ কয়- মনোনয়নপত্ৰ দাখিল কৰিবলৈ যোৱা মোৰ সমৰ্থকক শ্যামজিৎ ৰাভাৰ পন্থীয়ে বাধা প্ৰদান কৰে, নিৰ্বাচনত হাৰিব বুলি জানিয়ে শংকিত হৈ এনেধৰণৰ কাম কৰিছে৷”

দীপক ৰাভাৰ এই মন্তব্যৰ পিচতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে দীপক ৰাভাক প্ৰত্যাহ্বান জনাই শ্যামজিৎ ৰাভাই কয় – “ যদি মোৰ মানুহে দীপক ৰাভাৰ সমৰ্থকক বাধা প্ৰদান কৰিছে বা আক্ৰমণ কৰিছে, তেন্তে সেয়া প্ৰমাণ কৰক, মোৰ মানুহ যদি ঘটনাটোত জৰিত আছে মোক দেখুৱাই দিয়ক৷ মোৰ পৰাজয় হোৱাৰ কোনো শংকা নাই, দুধনৈ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱাৰ নজিৰ নাই, গতিকে দীপক ৰাভাক ভয় কৰাৰ কাৰণ নাই ৷ এয়া এক ৰাজনীতি, মোক এই ঘটনাৰ লগত সাঙুৰি ভোট দুটামান বেছিকৈ লাভ কৰিম বুলি ভাৱি এই মিছা অভিযোগ জাপি দিছে,গণতন্ত্ৰত সকলোৰে অধিকাৰ আছে নিৰ্বাচনত ভাগ লোৱাৰ, তেওঁক বাধা দিয়াৰ মোৰ কোনো অধিকাৰ নাই ৷”

এনেধৰণে এতিয়া দুধনৈ সমষ্টিত দুই বিজেপি নেতাৰ মাজত চলিছে তীব্ৰ বাক্যবাণ, আৰম্ভ  হৈছে বঙহৰ যুঁজ ৷ এতিয়া সময়েহে ক’ব কোন হ’ব বিজয়ী কোনে দেখিব পৰাজয়ৰ মুখ !