নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত গাওঁবাসীয়ে কেৰাচিন ঢালি জ্বলাই দিলে দুই যুৱকক

প্রতিনিধিত্বমূলক ফটো।

এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল দুজন যুৱকৰ বিৰুদ্ধে। নাবালিকাৰ পৰিয়াল আৰু গাওঁবাসীয়ে যুৱক দুজনক প্ৰহাৰ কৰি জ্বলাই দিয়াৰ অভিযোগ উঠিছে। অগ্নিদগ্ধ হৈ যুৱক দুজনৰ এজনৰ মৃত্যু হৈছে আৰু আনজনৰ অৱস্থাও সংকটজনক। আৰক্ষীয়ে গোটেই ঘটনাটোৰ তদন্ত কৰি আছে।

ঝাৰখণ্ডৰ গুমলা জিলাৰ এখন গাঁৱত ঘটনাটো সংঘটিত হৈছিল। জানিব পৰা মতে নাবালিকাগৰাকীয়ে পৰিয়ালৰ সৈতে চুবুৰীয়া গাওঁখনত বিবাহ অনুষ্ঠানলৈ গৈছিল।   নিশা ঘূৰি অহাৰ সময়ত পৰিয়ালটোৱে অভিযুক্ত দুজনক লগ পাইছিল।

যুৱক দুজন একেখন গাঁৱৰে হোৱাৰ বাবে পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ বাইকত নাবালিকাগৰাকীক ঘৰলৈ লৈ যাবলৈ অনুৰোধ কৰিছিল। যুৱক দুজনো সন্মত হৈছিল। কিন্তু দুয়োজনে কিশোৰীগৰাকীক মাজপথত ধৰ্ষণ কৰা বুলি অভিযোগ কৰা হয়।

কিশোৰীগৰাকী  ঘৰলৈ উভতি আহি পৰিয়ালক ঘটনাটোৰ বিষয়ে কৈছিল। তেতিয়া পৰিয়ালৰ সদস্য আৰু চুবুৰীয়াসকলে ক্ষুব্ধ হৈ উঠে। তেওঁলোক সকলোৱে আহি যুৱক দুজনক আগুচি ধৰে। তাৰ পিছত তেওঁলোকক প্ৰহাৰ কৰা হয়।

তাতেই ক্ষান্ত নাথাকি গাওঁবাসীয়ে আহত যুৱক দুজনৰ ওপৰত কেৰাচিন ঢালি তেওঁলোকক জীৱন্তে জ্বলাই দিবলৈ চেষ্টা কৰে। অগ্নিদগ্ধ হৈ এজন যুৱকৰ মৃত্যু হয়।

ইপিনে, স্থানীয় আৰক্ষী থানাই যুৱক দুজনক জীৱন্তে জ্বলাই দিয়াৰ তথ্য লাভ কৰে আৰু আৰক্ষী তৎক্ষণাৎ গৈ ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে তেতিয়ালৈকে এজন যুৱকৰ মৃত্যু হয়। বেয়াকৈ আঘাতপ্ৰাপ্ত আনজন যুৱকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়।

আৰক্ষীসূত্ৰই জনোৱা অনুসৰি মৃত যুৱকজনৰ দেহৰ ১০০ শতাংশই জ্বলি গৈছিল। আনজনৰো শৰীৰৰ বেছিভাগে অংশই জ্বলি গৈছে। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও তেওঁৰো অৱস্থা ভাল নহয় আৰু বৰ্তমান চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি আছে।