NORTHEAST NOW (Assamese)

কাজিৰঙাৰ পৰা ওলাই অহা দুটা গঁড়ৰ ভয়ত সন্ত্ৰস্ত নাৰায়ণপুৰৰ গাঁওবাসী

October 30, 2018 6:55 pm · ফাৰহানা আহমেদ
Updated: October 30, 2018 6:59 pm
প্ৰতিনিধিত্বমূলক ফটো

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা দুটা গঁড় আহি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ উত্তৰৰ বিস্তীৰ্ণ নৈ-পৰীয়া গাঁওকেইখনত উপস্থিত হোৱাত গাঁৱবাসীসকল ত্ৰাসিত হৈ পৰিছে। গঁড়দুটা দেওবাৰে পুৱা আহি পাইছে।

এই গঁড়দুটা দেওবাৰে পুৱা নৈ-পৰীয়া লোহিত-খাবলু এলেকাৰ লাগাচু চাপৰিত প্ৰথমে দেখা গৈছিল। বন বিভাগৰ বিষয়াসকলে এই ঠাইত উপস্থিত হৈছিল আৰু গঁড়দুটাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰাই পঠাবলৈ চেষ্টা কৰিছিল। এই প্ৰক্ৰিয়াত গঁড়দুটাই খেদা মাৰি আহে আৰু এজন লোকক বেয়াকৈ ঘাইল কৰে।

আহত লোকজনক চেঙেলীছুটি গাঁৱৰ পোয়া তায়ুং বুলি চিনাক্ত কৰা হৈছে। সোমবাৰ ২৯ তাৰিখে গঁড়দুটা নাৰায়ণপুৰৰ পাণবাৰী আৰু চৌধপুনীয়া এলেকাত প্ৰৱেশ কৰে আৰু তাকে লৈ গাঁৱবাসীসকল অত্যন্ত আতংকত কাল কাটাই আছে। এদল বন বিষয়াই ফটকা ফুটাই গঁড় দুটাক খেদি পঠাবলৈ চেষ্টা কৰিছিল। কিন্তু এটা গঁড়ে ফৰেষ্ট ৰেঞ্জাৰ প্ৰাঞ্জল কাকতীক আক্ৰমণ কৰি বেয়াকৈ আহত কৰে।

তাৰ পাছত এৰা খোৱা গঁড়দুটা লখিমপুৰ জিলাৰ জামুগুৰি ঘাটৰ ফালে গুছি যায়। গঁড়ৰৰ আক্ৰমণত দুটা ঘৰচীয়া ম’হৰো মৃত্যু ঘটে। লখিমপুৰৰ বন বিভাগৰ মতে এটা গঁড় মাজুলী জিলাৰ ধেনু চাপৰিত আছে আৰু আনটো লখমপুৰ জিলাৰ জামুগুৰি চাপৰিত আছে।

Related News