NORTHEAST NOW (Assamese)

পুনৰ নক্সালবাদীৰ বিস্ফোৰণ : নিহত দুজন জোৱান, গুৰুতৰভাবে আহত কেইবাজনো

June 23, 2024 5:21 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

আজি সুকমাত নক্সালবাদীয়ে সংঘটিত কৰিছে এক ভয়ানক আই ই ডি বিস্ফোৰণ। বিস্ফোৰণৰ ফলত বহু জোৱান আহত হৈছে।

খবৰ অনুসৰি এই বিস্ফোৰণত দুজন জোৱান শ্বহীদ হৈছে। চিলগাৰ অঞ্চলত নক্সালবাদীয়ে সংঘটিত কৰিছে আই ই ডি বিস্ফোৰণৰ কাণ্ড।

জোৱানৰ অভিযানৰ মাজতে নক্সালবাদীৰ বিস্ফোৰণে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নক্সালবাদীয়ে সেনাৰ ট্ৰাকলৈ লক্ষ্য কৰি এই বিস্ফোৰণ ঘটায়।

বিস্ফোৰণত দুজন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে বহু জোৱান আহত হৈছে। আহত জোৱানকেইজনক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছে, য’ত তেওঁলোক চিকিৎসাধীন হৈ আছে।

আনহাতে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি নক্সালবাদীক বিচাৰি অনুসন্ধান আৰম্ভ কৰা হৈছে।

আৰক্ষীয়ে জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে যোৱা ২৩ জুনত জাগৰগুণ্ডা থানা এলেকাৰ অন্তৰ্গত কেম্প চিলগাৰৰ পৰা ট্ৰাক আৰু মটৰ চাইকেলত ২০১ কোব্ৰা বাহিনীৰ এডভান্স পাৰ্টি কেম্প টেকালগুডেম অভিমুখে আগবাঢ়িছিল। কেম্প চিলগাৰৰ পৰা টেকালগুডেমলৈ যোৱাৰ পথত নক্সালবাদীয়ে নিৰাপত্তাৰক্ষীৰ ক্ষতি কৰাৰ উদ্দেশ্যেৰে এটা আই ই ডি স্থাপন কৰিছিল।

উল্লেখ্য যে নিহত জোৱান দুজনৰ নাম বিষ্ণু আৰ আৰু শৈলেন্দ্ৰ বুলি জানিব পৰা গৈছে।

Related News