জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত ২ শিক্ষক

Two teachers shot dead by terrorists in Srinagar

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আজি সন্ত্ৰাসবাদীয়ে এখন চৰকাৰী বিদ্যালয়ৰ দুজন শিক্ষকক গুলীয়াই হত্যা কৰে।

এজন চৰকাৰী বিষয়াই জনোৱা অনুসৰি সন্ত্ৰাসবাদীয়ে শ্ৰীনগৰৰ ঈদগাহ অঞ্চলৰ চৰকাৰী বিদ্যালয়খনত প্ৰৱেশ কৰে আৰু অধ্যক্ষ আৰু শিক্ষকজনক ওচৰৰ পৰা গুলীয়াই হত্যা কৰে।

বিদ্যালয়ৰ শ্ৰেণীসমূহ অনলাইনত হৈ থকাৰ বাবে বিদ্যালয় খনত কোনো শিক্ষাৰ্থী উপস্থিত নাছিল।

উল্লেখ্য যে যোৱা পাঁচ দিনত কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৭ জন লোক নিহত হৈছে।

জম্মু-কাশ্মীৰৰ আৰক্ষী মুৰব্বীয়ে জানিবলৈ দিয়া মতে আজিৰ আক্ৰমণৰ আঁৰত সন্ত্ৰাসবাদী সংগঠন “দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট” (TRF) জড়িত আছে।

বিদ্যালয় খনৰ আন এজন শিক্ষকে জনোৱা মতে “বন্দুকধাৰী সন্ত্ৰাসবাদী কেইজনে আজি ৰাতিপুৱা বিদ্যালয়লৈ আহি শিক্ষকসকলৰ পৰিচয় পত্ৰ বিচাৰিছিল আৰু পিছত দুজন শিক্ষকৰ ওপৰত গুলী চালনা কৰিছিল। ইয়াৰে এজন সংখ্যালঘু শিখ আৰু আনজন হিন্দু সম্প্ৰদায়ৰ।”

জিলাখনৰ এজন আৰক্ষী বিষয়াই জানিবলৈ দিছে যে বৰ্তমান অঞ্চলটো ঘেৰাও কৰা হৈছে আৰু আক্ৰমণকাৰীসকলৰ সন্ধানত অভিযান আৰম্ভ কৰা হৈছে।

জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই বিদ্যালয়ৰ কৰ্মচাৰীৰ হত্যাক গৰিহণা দি কয় যে আক্ৰমণৰ আঁৰত থকা সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কেন্দ্ৰীয় শাসিত অঞ্চলত শান্তি বিঘ্নিত কৰাত সফল নহ’ব।

“সন্ত্ৰাসবাদীয়ে আমাৰ দুজন শিক্ষক চুপিন্দৰ কৌৰ আৰু দীপক চান্দক বৰ্বৰভাৱে হত্যা কৰাৰ বাবে মই তীব্ৰ গৰিহণা দিছো। নিৰীহ লোকৰ ওপৰত সংঘটিত জঘন্য সন্ত্ৰাসবাদী আক্ৰমণত জড়িত অপৰাধীসকলক উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ’ব,” শ্ৰীযুত সিনহাই টুইট কৰে।

নেচনেল কনফাৰেন্সৰ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই শেহতীয়া হত্যাকাণ্ডক গৰিহণা দিছে।

“শ্ৰীনগৰৰ পৰা পুনৰ আচৰিত খবৰ আহিছে। চহৰখনৰ ইদগাহ অঞ্চলৰ এখন চৰকাৰী বিদ্যালয়ৰ দুজন শিক্ষকক হত্যা কৰা হৈছে। সন্ত্ৰাসবাদীৰ এই অমানৱীয় কাৰ্যৰ বাবে নিন্দাৰ শব্দই যথেষ্ট নহয়। মই মৃতকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনাইছো,” তেওঁ টুইট কৰে।