NORTHEAST NOW (Assamese)

গোৱালপাৰাৰ ৰংজুলিত বন বিভাগৰ অভিযান; শাল গছৰ কুণ্ডাসহ ২ চোৰাং কাঠ সৰবৰাহকাৰী আটক

October 4, 2018 12:20 pm · নীলমণি শৰ্মা
প্ৰতিনিধিত্বমূলক ছবি

গোৱালপাৰা জিলাৰ অন্তৰ্গত ৰংজুলি বনাঞ্চলত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা দুজন চোৰাং কাঠ সৰবৰাহকাৰীক কালি নিশা বন বিভাগে আটক কৰে।

ধৃত চোৰাং কাঠ ব্যৱসায়ী দুজনক বৰপেটাৰ বাঘবৰ চৰৰ নাজিৰ আলী আৰু শ্বাহ আলম বাদছা বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে।

প্ৰাপ্ত তথ্য মতে ৰংজুলি বনাঞ্চলৰ এটা বনকৰ্মীৰ দলে যোৱা নিশা কাঁহিবাৰী অঞ্চলত অভিযান চলাই আটক কৰা উক্ত কাঠ সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা বনবিভাগে বহু পৰিমাণৰ শাল গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।

অভিযোগ অনুসৰি এই ব্যৱসায়ী দুজনে ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চল সমূহৰ পৰা মূল্যৱান শাল গছ কাটি দিনে-নিশাই চৰ অঞ্চললৈ যোগান ধৰি আহিছিল ৷

ধৃত চোৰাং কাঠ ব্যৱসায়ী দুজনক গোৱালপাৰা জে’ললৈ প্ৰেৰণ কৰাৰ লগতে জব্দ কৰা শাল গছৰ কুণ্ডাসমূহ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়লৈ অনা হৈছে।

Related News