শিৱসাগৰ জিলাৰ আমগুৰিত দুখনকৈ অবৈধ চুপাৰিভৰ্তি ট্ৰাক জব্দ

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তত থকা হালোৱাটিং থানাৰ সন্মুখেৰে গোপন বুজাবুজি কৰি কেইবাটাও চক্ৰই ম্যানমাৰৰ পৰা চোৰাংভাৱে চুপাৰি আনি কোটি কোটি টকাৰ ব্যৱসায় কৰি অহাৰ অভিযোগ উঠিছে ৷ এনে সময়তে আজি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই গোপন সূত্ৰৰ পৰা চোৰাং চুপাৰি সৰবৰাহৰ তথ্য লাভ কৰি আমগুৰি আৰক্ষীক খবৰ দিয়ে ৷

এই খবৰ লাভ কৰিয়েই আমগুৰি আৰক্ষীয়ে থানাৰ সন্মুখতে দুখনকৈ চুপাৰিভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে জব্দ কৰা ট্ৰাক দুখনত প্ৰায় ২ কোটিৰো অধিক টকাৰ চুপাৰি মজুত থকাৰ কথা সদৰী কৰে।

জব্দকৃত ট্ৰাক দুখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে পি পি ০৫ এ আৰ ৪৯৩০ আৰু পি পি ০২ ই কিউ ৮০০৩ ৷

উল্লেখযোগ্য যে হালোৱাটিং থানাৰ সন্মুখেৰে পুৱা ৪-৩০ বজাত চুপাৰিভৰ্তি ট্ৰাক কিদৰে পাৰ হ’ল তাকলৈ প্ৰশ্ন উঠিছে ৷