NORTHEAST NOW (Assamese)

তিনিচুকীয়াত অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ আলফা (স্বা:) সদস্যৰ

September 7, 2019 5:21 pm · মানস প্ৰতিম গগৈ
Updated: September 7, 2019 5:22 pm
তিনিচুকীয়াত আত্মসমৰ্পণ কৰা আলফা (স্বা:)ৰ সদস্য। ৭ ছেপ্টেম্বৰত।

উজনি অসমত উগ্ৰপন্থী বিৰুদ্ধে সেনা আৰু অসম আৰক্ষী অভিযান অব্যাহত থকাৰে মাজতে দুজন আলফা সদস্যই আত্মসমৰ্পণ কৰাৰ বাতৰি পোৱা গৈছে।

সশস্ত্ৰ বিদ্ৰোহৰ পথ এৰি তিনিচুকীয়াত আজি পুনৰ আলফা (স্বা:)ৰ দুজন সদস্যই অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ কৰে।

আত্মসমৰ্পণকাৰী সদস্য দুজন হ’ল ক্ৰমে তিনিচুকীয়াৰ কৰ্দৈগুৰি বিষ্ণুপুৰ গাঁৱৰ মানৱ মৰাণ ওৰফে টং অসম আৰু গোলাঘাট বৰপথাৰৰ সীমান্ত মেচ ওৰফে মুকুট অসম। মুকুটৰ দেউতাকৰ নাম কোষেশ্বৰ মেচ।

দুয়োজনে আত্মসমৰ্পণৰ সময়ত দুটা পইণ্ট ৩২ পিষ্টল, ৭জাঁই সক্ৰিয় গুলী, দুটা মেগজিন সেনা-আৰক্ষীক জমা দিয়ে।

আৰক্ষীৰ সূত্ৰই জনায়, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত তিনিচুকীয়া আৰক্ষী-২১০ কোব্ৰা, ৬৮ চি আৰ পি এফ বেটেলিয়ন, ৯ নং ৰাজ ৰাইফলছ, আৰু ২১ পেৰা ফ’ৰ্চে চলোৱা অভিযানৰ সময়ত জিলাখনত সদস্য দুজনে আত্মসমৰ্পণ কৰে।

তিনিচুকীয়াত আত্মসমৰ্পণ কৰা আলফা (স্বা:)ৰ সদস্য। ৭ ছেপ্টেম্বৰত।

উল্লেখ কৰিব পাৰি যে শেহতীয়াকৈ কেইবাজনো নেতা-সদস্যই সংগঠনটোৰ পৰা ওলাই আহি মূল সুঁতিত যোগদান কৰিছে।

আছুৰ বিষয়বাব লৈ থকা অৱস্থাতে যোৱা এবছৰ পূৰ্বে বিদ্ৰোহী সংগঠনটোত যোগদান কৰা গোলাঘাট জিলাৰ দেৰগাঁৱৰ পংকজ প্ৰতিম দত্ত সশস্ত্ৰ বিপ্লৱৰ পথৰ পৰা যোৱা ৩০ আগষ্টত ওভতি আহিছিল। তেওঁৰ সৈতে আন দুজন সদস্যয়ো আত্মসমৰ্পণ কৰিছিল।

Related News