ভাৰতীয় সেনা ৯ নং জাঁট ৰেজিমেন্টৰ প্ৰশংসনীয় পদক্ষেপ : খাৱৈৰ পৰা উদ্ধাৰ দুৰ্ঘটনাগ্ৰস্ত গাড়ী

index.jpgk

বৰপেটাৰ গণককুছিত থকা ভাৰতীয় ৯ নং জাট ৰেজিমেন্টৰ জোৱানসকলে আজি এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে৷

৯ নং জাট ৰেজিমেন্টৰ জোৱানসকলে আজি গণককুছিৰ এটা খাৱৈত দুৰ্ঘটনা পতিত হৈ পৰি থকা এখন চাৰিচকীয়া বাহন উদ্ধাৰ কৰে।

আজি এ এচ ০১ বিই ৭৮৮৯ নম্বৰৰ মাৰুতি এল্টো গাড়ীখন গণককুছিৰ এটি খাৱৈত বাগৰি পৰে৷

৯ নং জাট ৰেজিমেন্টৰ জোৱানসকলে এই খবৰ পাই লগে লগে উক্ত স্থানত উপস্থিত হয় আৰু গাড়ীখন খাৱৈৰ পৰা তুলি আনে৷

উল্লেখ্য যে, নিজ কন্যাক বৰপেটা পলিটেকনিকত নামভৰ্তি হোৱাৰ পিছত আজি পৰিয়ালৰ লোকে শিক্ষানুষ্ঠানখনলৈ আহিছিল৷

আহি থকা সময়তে উক্ত স্থানত গাড়ীখন দুৰ্ঘটনাগ্ৰস্থ হয় বাহনখন৷ বাহনখনত থকা চাৰি গৰাকী আৰোহী সৌভাগ্যক্ৰমে ৰক্ষা পৰে৷