NORTHEAST NOW (Assamese)

সুৰাপায়ী স্বামীৰ অত্যাচাৰত জীৱন দুৰ্বিসহ হৈ পৰিল দুই পত্নীৰ! স্বামীক এৰি দুই মহিলা আৱদ্ধ হ’ল বিবাহপাশত

January 25, 2025 11:55 am · এন ই নাও নিউজ, গুৱাহাটী

দুজন স্বামী। দুয়োজনেই মদ্যপান কৰে। দুয়োজন স্বামীৰেই আছে একোগৰাকী পত্নী। দুয়োৱে নিজৰ পত্নীক দিনে-নিশাই মদ খাই গালি-গালাজ আৰু মাৰপিট কৰে। যাৰ বাবে জীৱন দুৰ্বসহ হৈ পৰিল দুই মহিলাৰ। তাৰপিছত নিজৰ নিজৰ স্বামীক এৰি মন্দিৰত গৈ দুই মহিলাই আৱদ্ধ হয় বিবাহপাশত।

১৯৯৬ চনত প্ৰখ্যাত নাৰীবাদী মহিলা পৰিচালক দীপা মেহতাৰ ‘জুই’ ছবিখনত দেখুৱাওৱা হৈছিল দুগৰাকী মহিলাৰ মাজৰ প্ৰেম কাহিনী। ছবিখনত, সমাজৰ লগত যুঁজ দি নিজৰ সম্পৰ্ক প্ৰতিষ্ঠান কৰিছিল দুই মহিলাই। ইয়াৰে তদ্ৰুপ ঘটনা সংঘটিত হৈছে বাস্তৱত। নগৰীয়া, অত্যাধুনিক, শিক্ষিত শ্ৰেণীৰ নহয়, গ্ৰাম্য অঞ্চলৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ দুগৰাকী মহিলাৰ এই বিপ্লৱে প্ৰগতিশীলসকলৰো দৃষ্টি আকৰ্ষণ কৰিছে।

বৈবাহিক জীৱনত হতাশাত ভুগি মোহভংগ হোৱা দুগৰাকী মহিলাই নিজাববীয়াকৈ জীয়াই থাকিবলৈ নতুন পথ নিৰ্বাচন কৰিছে। জানিব পৰা মতে, মহিলা দুগৰাকীৰ নাম কবিতা আৰু গুঞ্জা।

বিয়াৰ পিছৰে পৰা কবিতা আৰু গুঞ্জাই মদ্যপান কৰা স্বামীৰ সৈতে দুৰ্দশাত জীৱন কটাবলগীয়া হৈছিল। ইনষ্টাগ্ৰামত দুয়োৰে চিনাকী হৈছিল। তেতিয়াৰ পৰাই তেওঁলোকে জীৱনত উমৈহতীয়া ভিত্তি বিচাৰি পালে। দুয়োৰে দুখ একেই – মদ্যপায়ী স্বামীৰ অত্যাচাৰ।

সেয়ে, নিজৰ নিজৰ সংসাৰ এৰি নিজাববীয়াকৈ স্বাধীনভাৱে জীয়াই থকাৰ সিদ্ধান্ত লয়। হতাশা আৰু দুখ অতিক্ৰম কৰি নতুন জীৱন আৰম্ভ কৰাৰ পথ গ্ৰহণ কৰে দুয়ো।

বৃহস্পতিবাৰে সন্ধিয়া দেওৰীয়া অঞ্চলৰ সৰু কাশীৰ শিৱ মন্দিৰলৈ গৈ বিয়া পাতে। গুঞ্জাই এই বিয়াৰ দৰা হৈ কবিতাক পত্নীবৰণ কৰি মাল্যাপৰ্ণ কৰে। তেওঁলোকেও পৰম্পৰা অনুসৰি অগ্নিত সাতবাৰ প্ৰদক্ষিণ কৰি গোটেই জীৱন একেলগে থকাৰ প্ৰতিজ্ঞা কৰে।

সংবাদ মাধ্যমৰ আগত ‘নৱবিবাহিতা’ দুগৰাকীয়ে স্বামীৰ মদ্যপান আৰু দৈনিক অপমানত বিতৃষ্ণাত ভুগিছিল বুলি কয়। কবিতা-গুঞ্জাই এতিয়া গোৰখপুৰত ভাড়াঘৰ বিচাৰিছে। কবিতা আৰু গুঞ্জাৰ এই সাহসী পদক্ষেপক প্ৰগতিশীল সমাজে প্ৰশংসা কৰিছে।

Related News