• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত ভ্ৰমণৰ সময়ত দলবদ্ধ ধৰ্ষণৰ বলি হ’ল ইজৰাইলী মহিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2025 12:29 pm
242
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটকত এগৰাকী ইজৰাইলী মহিলা পৰ্যটক দলবদ্ধ ধৰ্ষণৰ বলি হৈছে। একে সময়তে ইজৰাইলী মহিলাগৰাকীক আশ্ৰয় দিয়া ঘৰটোৰ মালিক মহিলাগৰাকীকো ধৰ্ষণ কৰা হয়। বৃহস্পতিবাৰে নিশা প্ৰায় ১১:৩০ বজাত কৰ্ণাটকৰ কোপ্পাল জিলাৰ হাম্পিৰ এটা হ্ৰদৰ সমীপত সংঘটিত হয় দলবদ্ধ ধৰ্ষণ কাণ্ড।

স্থানীয় আৰক্ষীৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, ২৭ বছৰীয়া ইজৰাইলী পৰ্যটকগৰাকী আৰু ২৯ বছৰীয়া স্থানীয় মহিলাগৰাকীয়ে তুংগাভদ্ৰ হ্ৰদৰ সমীপত ঘুৰি আছিল। সেই সময়ত তিনিজন মানুহ আহি তেওঁলোকক ধৰ্ষণ কৰে।

ধৰ্ষণৰ বলি হোৱা মহিলা দুগৰাকীৰ সৈতে আন তিনিজন পৰ্যটকো আছিল। ইয়াৰে এজন ডেনিয়েল আমেৰিকাৰ নাগৰিক আৰু বাকী দুজন ক্ৰমে মহাৰাষ্ট্ৰ আৰু ওড়িশাৰ বাসিন্দা। তেওঁলোক হ্ৰদটোত পৰি যায় যদিও গুৰুতৰভাৱে আহত হোৱা নাই।

কোপ্পাল আৰক্ষী অধীক্ষক ৰাম এল আৰাচিদ্দিয়ে কয় যে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অভিযুক্তক চিনাক্ত কৰা হৈছে আৰু শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব। এই ঘটনাত দুটা বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে।

বাতৰি মতে, ঘৰৰ মালিকনী আৰু তেওঁৰ চাৰিজন অতিথিয়ে ৰাতিৰ আহাৰ গ্ৰহণ কৰি হ্ৰদটোৰ পাৰত তৰা চাবলৈ গৈছিল। সেই মুহূৰ্ততে তিনিওজন অভিযুক্ত মটৰ চাইকেলেৰে তাত উপস্থিত হয়। প্ৰথমতে তেওঁলোকে পেট্ৰোল ক’ত পাব বুলি সোধে আৰু তাৰ পিছত ইজৰাইলী মহিলাগৰাকীৰ পৰা ১০০ টকা দাবী কৰে।

ইজৰাইলী পৰ্যটকগৰাকীয়ে ধন দিবলৈ অস্বীকাৰ কৰাত অভিযুক্তৰ সৈতে দ্বন্দ্ব আৰম্ভ হয়। ইয়াৰ পিছতে অভিযুক্তই পৰ্যটকগৰাকীক আক্ৰমণ কৰে আৰু তেওঁলোকৰ তিনিজন পুৰুষ পৰ্যটকক হ্ৰদটোত ঢকিয়াই পেলাই দিয়ে। পিছত  মহিলা দুগৰাকীক ধৰ্ষণ কৰি মটৰ চাইকেলেৰে পলায়ন কৰে। স্থানীয় মহিলাগৰাকীৰ অভিভাৱকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ধৰ্ষণ আৰু ডকাইতিৰ এটা গোচৰ ৰুজু কৰিছে।

Recent News

পুষ্টিহীনতাত ভোগা শিশুলৈ ১২ টকা, গৰুলৈ ৪০ টকাৰ সাহায্য : উত্তপ্ত মধ্যপ্ৰদেশৰ বিৰোধী ৰাজনৈতিক মহল

পুষ্টিহীনতাত ভোগা শিশুলৈ ১২ টকা, গৰুলৈ ৪০ টকাৰ সাহায্য : উত্তপ্ত মধ্যপ্ৰদেশৰ বিৰোধী ৰাজনৈতিক মহল

টাটা গ্ৰুপক দিব লাগিব ক্ষতিপূৰণঃ ছিংগুৰ ভূমি গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

টাটা গ্ৰুপক দিব লাগিব ক্ষতিপূৰণঃ ছিংগুৰ ভূমি গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

গাজাৰ দুই হাজাৰ আহত লোকক চিকিৎসা প্ৰদান কৰিব ইণ্ডোনেছিয়াৰ চৰকাৰে

গাজাৰ দুই হাজাৰ আহত লোকক চিকিৎসা প্ৰদান কৰিব ইণ্ডোনেছিয়াৰ চৰকাৰে

গুৱাহাটী জিলা পুথিভঁৰালত বিশেষ সভা, ‘জ্ঞান গান্ধৈ’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকা উন্মোচন

গুৱাহাটী জিলা পুথিভঁৰালত বিশেষ সভা, ‘জ্ঞান গান্ধৈ’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকা উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd