NORTHEAST NOW (Assamese)

ভাৰত ভ্ৰমণৰ সময়ত দলবদ্ধ ধৰ্ষণৰ বলি হ’ল ইজৰাইলী মহিলা

March 8, 2025 12:29 pm · এন ই নাও নিউজ, গুৱাহাটী

কৰ্ণাটকত এগৰাকী ইজৰাইলী মহিলা পৰ্যটক দলবদ্ধ ধৰ্ষণৰ বলি হৈছে। একে সময়তে ইজৰাইলী মহিলাগৰাকীক আশ্ৰয় দিয়া ঘৰটোৰ মালিক মহিলাগৰাকীকো ধৰ্ষণ কৰা হয়। বৃহস্পতিবাৰে নিশা প্ৰায় ১১:৩০ বজাত কৰ্ণাটকৰ কোপ্পাল জিলাৰ হাম্পিৰ এটা হ্ৰদৰ সমীপত সংঘটিত হয় দলবদ্ধ ধৰ্ষণ কাণ্ড।

স্থানীয় আৰক্ষীৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, ২৭ বছৰীয়া ইজৰাইলী পৰ্যটকগৰাকী আৰু ২৯ বছৰীয়া স্থানীয় মহিলাগৰাকীয়ে তুংগাভদ্ৰ হ্ৰদৰ সমীপত ঘুৰি আছিল। সেই সময়ত তিনিজন মানুহ আহি তেওঁলোকক ধৰ্ষণ কৰে।

ধৰ্ষণৰ বলি হোৱা মহিলা দুগৰাকীৰ সৈতে আন তিনিজন পৰ্যটকো আছিল। ইয়াৰে এজন ডেনিয়েল আমেৰিকাৰ নাগৰিক আৰু বাকী দুজন ক্ৰমে মহাৰাষ্ট্ৰ আৰু ওড়িশাৰ বাসিন্দা। তেওঁলোক হ্ৰদটোত পৰি যায় যদিও গুৰুতৰভাৱে আহত হোৱা নাই।

কোপ্পাল আৰক্ষী অধীক্ষক ৰাম এল আৰাচিদ্দিয়ে কয় যে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অভিযুক্তক চিনাক্ত কৰা হৈছে আৰু শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব। এই ঘটনাত দুটা বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে।

বাতৰি মতে, ঘৰৰ মালিকনী আৰু তেওঁৰ চাৰিজন অতিথিয়ে ৰাতিৰ আহাৰ গ্ৰহণ কৰি হ্ৰদটোৰ পাৰত তৰা চাবলৈ গৈছিল। সেই মুহূৰ্ততে তিনিওজন অভিযুক্ত মটৰ চাইকেলেৰে তাত উপস্থিত হয়। প্ৰথমতে তেওঁলোকে পেট্ৰোল ক’ত পাব বুলি সোধে আৰু তাৰ পিছত ইজৰাইলী মহিলাগৰাকীৰ পৰা ১০০ টকা দাবী কৰে।

ইজৰাইলী পৰ্যটকগৰাকীয়ে ধন দিবলৈ অস্বীকাৰ কৰাত অভিযুক্তৰ সৈতে দ্বন্দ্ব আৰম্ভ হয়। ইয়াৰ পিছতে অভিযুক্তই পৰ্যটকগৰাকীক আক্ৰমণ কৰে আৰু তেওঁলোকৰ তিনিজন পুৰুষ পৰ্যটকক হ্ৰদটোত ঢকিয়াই পেলাই দিয়ে। পিছত  মহিলা দুগৰাকীক ধৰ্ষণ কৰি মটৰ চাইকেলেৰে পলায়ন কৰে। স্থানীয় মহিলাগৰাকীৰ অভিভাৱকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ধৰ্ষণ আৰু ডকাইতিৰ এটা গোচৰ ৰুজু কৰিছে।

Related News