সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত দুগৰাকী মহিলা মাওবাদী কেডাৰ

চত্তিশগড়ৰ দান্তেৱালা জিলাত সুৰক্ষা বাহিনীৰ সৈতে যোৱা সংঘৰ্ষত দুগৰাকী চিপিআই(মাওবাদী)ৰ মহিলা কেডাৰৰ মৃত্যু হয়।

সংঘৰ্ষত নিহত হোৱা মহিলা মাওবাদী কেডাৰ দুগৰাকীৰ মুৰৰ বিপৰীতে ৭ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰি থোৱা আছিল বুলি আৰক্ষীয়ে উল্লেখ কৰে।

দান্তেৱালা জিলাৰ কুৱাকোণ্ডা আৰক্ষী চকীৰ অন্তৰ্গত কাকাৰি গাঁৱত ৰাতিপুৱা প্ৰায় ৫.৩০ বজাত সুৰক্ষা বাহিনীৰ সৈতে মাওবাদী সদস্য দুগৰাকীৰ সংঘৰ্ষ হয়।

সুৰক্ষা বাহিনীৰ সৈতে হোৱা প্ৰায় আধাঘণ্টা জোৰা প্ৰচণ্ড গুলিয়াগুলীৰ অন্তত মাওবাদী মহিলা সদস্য দুগৰাকী নিহত হয়।

সংঘৰ্ষৰ স্থানৰ পৰা বন্দুক আৰু পিষ্টলো উদ্ধাৰ কৰা হৈছে বুলি অভিযানকাৰী সুৰক্ষাবাহিনীৰ তৰফৰ পৰা প্ৰকাশ কৰা হয়।

সংঘৰ্ষত নিহত হোৱা চিপিআই(মাওবাদী) মহিলা কেডাৰ দুগৰাকী ক্ৰমে আতেই মান্দাৱী আৰু বিজি মাৰকাম বুলি চিনাক্ত কৰা হৈছে।

মান্দাৱীয়ে সংগঠনটোৰ হৈ চোৰাংচোৱা প্ৰধান হিচাপে কাম কৰাৰ লগতে বিজি মাৰকাম তথ্য বিভাগৰ সৈতে জড়িত আছিল।